অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে চিলাপথাৰত ৰাইজৰ প্ৰতিবাদ

APDCL,শক্তি মন্ত্ৰী নন্দিতা গালোৰ্চা মুৰ্দাবাদ ধ্বনিৰে উত্তাল ভৈৰৱপুৰ অঞ্চল

author-image
Asomiya Pratidin
New Update
অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে চিলাপথাৰত ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ধেমাজিঃ ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বুধবাৰে চিলাপথাৰৰ ভৈৰৱপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক ৰাইজে। ৰাইজৰ অভিযোগ মতে আজি দুটা বছৰৰ পৰা চিলাপথাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ ১নং ভৈৰৱপুৰ গাঁৱত বিদ্যুৎ সংযোগ আছে যদিও নাই উপযুক্ত ভল্টেজ।

Advertisment

বিদ্যুতৰ সঘন লুকা-ভাকুৰ বাবে অঞ্চলখনৰ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে হাৰা-শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। বিষয়টো সন্দৰ্ভত ৰাইজে বিদ্যুৎ বিভাগৰ লগতে বিধায়ক ভূৱন পেগুক অঞ্চলখনত এটি উন্নত ট্ৰান্সফৰ্মাৰ নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰে যদিও আজি দুটা বছৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ কৰে।

উপায়হীন হৈ আজি ৰাইজ ওলাই আহি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ভৈৰৱপুৰ PWD পথৰ ওপৰত একত্ৰিত হৈ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, নন্দিতা গালোৰ্চা মুৰ্দাবাদ,শক্তি বিভাগ হায় হায়,আমাৰ দাবী নাৰ্য্য দাবী আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰেই অঞ্চলখনত বিদ্যুতৰ ভল্টেজ সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ বিধায়ক ভূৱন পেগুৰ লগতে বিভাগক ৰাইজে দাবী জনাইছে।

Also Read: জামুগুৰিহাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

silapathar