জামুগুৰিহাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,জামুগুৰিহাট : বুধবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে জামুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS-12-P-4678 নম্বৰৰ পালচাৰ বাইকত বান্ধি অনা অৰুণাচলী সুৰাসহ বাইকখন জব্দ কৰে ৷ অৱশ্যে বাইক চালকজন পলাই যাবলৈ সক্ষম হয়।

Advertisment

উল্লেখ্য যে পলায়ন কৰা ধৃত যুৱকজনে বালিপৰা দিশৰ পৰা বাইকত অৰুণচলী সুৰা কঢ়িয়াই অনা অৱস্থাত জামুগুৰিহাটৰ তৌভঙাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীক দেখা পাই বাইক এৰি পলায়ন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে সুৰাৰ বটলসমূহৰ সৈতে বাইকখন জব্দ কৰি থানালৈ নিয়ে ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় পঞ্চাশ হেজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে ৷

Also Read: ধুবুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

jamugurihat