ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...

ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...

ডিজিটেল ডেস্কঃ পূৰ্বতকৈ প্ৰায় দুগুণ আসন লাভেৰে ছিকিমত পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম। ৰাজ্যখনৰ মুঠ ৩২খন আসনৰ ভিতৰত ২০১৯চনত ১৭খন আসন আৰু ২০২৪ত ৩১খন আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে।

উল্লেখ কৰা প্ৰয়োজন যে, ছিকিমত বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ গল এছ ডি এফ দল একপ্ৰকাৰৰ ধুলিস্যাত হৈছে এই নিৰ্বাচনত। মাত্ৰ এখন আসন লাভ কৰা দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে এছ কে এমৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে।

ইফালে ৰেনক বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ৭০৪৪টা ভোটৰ ব্যৱধানত জয়ী হয় মুখ্যনন্ত্ৰীগৰাকী। ৰাজ্যখনত পুনৰ এবাৰ প্ৰেম সিঙেই মুখ্যমন্ত্ৰী আসনত বহিব বুলি দলৰ ফালৰ পৰা সদৰি কৰা হৈছে।

২০২৪ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ ভিতৰত এছ কে এম দলে অকলেই লাভ কৰিছে ৫৮.৩৮শতাংশ ভোট। ইয়াৰ বিপৰীতে এছ ডি এফ দলে লাভ কৰিছে ২৭.৩৭শতাংশ ভোট লাভ কৰিছে।  ৰাজ্যখনত বিজেপিয়ে ৫.১৮শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ০.৩২শতাংশ ভোট লাভ কৰিছে। লক্ষ্যণীয়ভাৱে চিকিমত কংগ্ৰেছকৈ মানুহ বেছি ভোট দিলে নটাত। ৰাজ্যখনত নটাত ভোট প্ৰদান কৰিলে ০.৯৯শতাংশ লোকে। 

উল্লেখ নকৰি নোৱাৰি যে, ছিকিমত ছয়াৰী সমষ্টিটো এছ ডি এফে দখল কৰাৰ বিপৰীতে বাকী ৩১টা সমষ্টিতে বিপুল ভোটত বিজয় সাব্যস্ত কৰে এছ কে এমে। ২০১৩চনৰ ৪ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা এই দলটো ২০২৪চনত প্ৰথম নিৰ্বাচনত অৱৰ্তীণ হৈছিল। সেইবাৰেই ১০খন আসনত জয়ী হৈ শক্তিশালী বিৰোধীৰ আসনত বহিছিল দলটো। লক্ষ্যণীয়ভাৱে প্ৰতিষ্ঠাৰ এটা বছৰৰ পাছতে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪০.০৮শতাংশ ভোট লাভ কৰিছিল দলটোৱে।

অকলে নিৰ্বাচনত অৱতীৰ্ণ হলেও এছ কে এম বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ। ২০১৯চনতো ১৭খন আসন লাভ কৰাৰ পাছত এন ডি এত চামিল হৈ চৰকাৰ গঠন কৰিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চাই। মুঠৰ ওপৰত ছিকিমতো এন ডি এ মৰ্চাৰেই জয় হ'ল।

ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...
ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in