ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...

ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ  জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...

ডিজিটেল ডেস্কঃ ছিকিমৰ ৩২খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM) ৪খন আসনত জয়ী হোৱাৰ লগতে ৩১খন আসনতে আগবাঢ়ি আছে। ইতিমধ্যে ৭হাজাৰৰো অধিক ভোটত ৰেনক বিধানসভা সমষ্টিত বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ইফালে

নামচেবুং আসনত SKMৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ বিৰুদ্ধে ১৮৫২টা ভোটত পিছ পৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা SDFৰ প্ৰতিষ্ঠাপক মন্ত্ৰী পৱন কুমাৰ চামলিং। সমষ্টিটোত ৰাজু বাছনেটে ৬৩৩৪টা ভোট লাভ কৰাৰ বিপৰীতে পৱন কুমাৰ চামলিঙে ৪৪৮২টা ভোট লাভ কৰিছে। সমষ্টিটোত ৪টা ৰাউণ্ডত ভোটগণনা হব, বৰ্তমান ৩নং ৰাউণ্ডৰ ভোটগণনা অব্যাহত আছে সমষ্টিটোত।

ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ  জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...
LIVE UPDATES- অৰুণাচল আৰু ছিকিমত চৰকাৰ কাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in