LIVE UPDATES- অৰুণাচলত BJP, ছিকিমত SKM...

LIVE UPDATES- অৰুণাচলত BJP, ছিকিমত SKM...

অৰুণাচলত বিজেপি, ছিকিমত এছ কে এমঃ দুয়োখন ৰাজ্য়তে NDAৰ জয়!

অৰুণাচলত বিজেপিয়ে ৬০খন আসনৰ ভিতৰত ৪৬খন আসন আৰু ছিকিমত ৩২আসনৰ ভিতৰত ৩১খনেই লাভ কৰে এছ কে এম দলে। উল্লেখ কৰা প্ৰয়োজন যে, কলে নিৰ্বাচনত অৱতীৰ্ণ হলেও এছ কে এম বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ। ২০১৯চনত ১৭খন আসন লাভ কৰাৰ পাছত এন ডি এত চামিল হৈ চৰকাৰ গঠন কৰিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চাই। মুঠৰ ওপৰত ছিকিমতো এন ডি এ মৰ্চাৰেই জয় হ'ল।

ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...

পূৰ্বতকৈ প্ৰায় দুগুণ আসন লাভেৰে ছিকিমত পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম। ৰাজ্যখনৰ মুঠ ৩২খন আসনৰ ভিতৰত ২০১৯চনত ১৭খন আসন আৰু ২০২৪ত ৩১খন আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে। উল্লেখ কৰা প্ৰয়োজন যে, ছিকিমত বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ গল এছ ডি এফ দল একপ্ৰকাৰৰ ধুলিস্যাত হৈছে এই নিৰ্বাচনত। মাত্ৰ এখন আসন লাভ কৰা দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে এছ কে এমৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে। ইফালে ৰেনক বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ৭০৪৪টা ভোটৰ ব্যৱধানত জয়ী হয় মুখ্যনন্ত্ৰীগৰাকী। ৰাজ্যখনত পুনৰ এবাৰ প্ৰেম সিঙেই মুখ্যমন্ত্ৰী আসনত বহিব বুলি দলৰ ফালৰ পৰা সদৰি কৰা হৈছে। ২০২৪ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ ভিতৰত এছ কে এম দলে অকলেই লাভ কৰিছে ৫৮.৩৮শতাংশ ভোট। ইয়াৰ বিপৰীতে এছ ডি এফ দলে লাভ কৰিছে ২৭.৩৭শতাংশ ভোট লাভ কৰিছে।  ৰাজ্যখনত বিজেপিয়ে ৫.১৮শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ০.৩২শতাংশ ভোট লাভ কৰিছে। লক্ষ্যণীয়ভাৱে চিকিমত কংগ্ৰেছকৈ মানুহ বেছি ভোট দিলে নটাত। ৰাজ্যখনত নটাত ভোট প্ৰদান কৰিলে ০.৯৯শতাংশ লোকে। উল্লেখ নকৰি নোৱাৰি যে, ছিকিমত ছয়াৰী সমষ্টিটো এছ ডি এফে দখল কৰাৰ বিপৰীতে বাকী ৩১টা সমষ্টিতে বিপুল ভোটত বিজয় সাব্যস্ত কৰে এছ কে এমে। ২০১৩চনৰ ৪ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা এই দলটো ২০২৪চনত প্ৰথম নিৰ্বাচনত অৱৰ্তীণ হৈছিল। সেইবাৰেই ১০খন আসনত জয়ী হৈ শক্তিশালী বিৰোধীৰ আসনত বহিছিল দলটো। লক্ষ্যণীয়ভাৱে প্ৰতিষ্ঠাৰ এটা বছৰৰ পাছতে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪০.০৮শতাংশ ভোট লাভ কৰিছিল দলটোৱে।অকলে নিৰ্বাচনত অৱতীৰ্ণ হলেও এছ কে এম বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ। ২০১৯চনতো ১৭খন আসন লাভ কৰাৰ পাছত এন ডি এত চামিল হৈ চৰকাৰ গঠন কৰিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চাই। মুঠৰ ওপৰত ছিকিমতো এন ডি এ মৰ্চাৰেই জয় হ'ল।

চাৰিওফালে পদুম কেৱল পদুমঃ অৰুণাচলত অপ্ৰতিৰোধ্য বিজেপি...

অৰুণাচলত বিশাল জয় বিজেপিৰ। পূৰ্বে ধাৰণা কৰা ধৰণেই অৰুণাচলত ফুলিল পদুম। নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে ১০টা সমষ্টিত বিজয় লাভ কৰা বিজেপিয়ে লাভ কৰা মুঠ আসনৰ হৈছে ৪৬খন। সকলো বিৰোধীক একপ্ৰকাৰৰ তচনচ কৰি বিজেপিয়ে এই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ইফালে মুঠ ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৬খন আসন দখল কৰাৰ পৰিৱৰ্তে  এন পি য়ি পি দলে ৫খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়।  ইফালে ৰাজ্যখনত পি পি এ দলে ২খন আৰু এন চি পিয়ে ০৩খন আসন দখল কৰে। ৰাজ্যখনত এইবাৰ আই এন চি হাতলৈ যায় ১খন আসন আৰু ৩গৰাকী নিদৰ্লীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে অৰুণাচলত ৫৪.৫৭শতাংশ ভোট লাভ কৰিছে। কংগ্ৰেছে ৫.৫৬শতাংশ ভোট, এন চি পিয়ে ১০.৪৩শতাংশ, NPEPএ লাভ কৰিছে ১৬.১১শতাংশ ভোট। ৰাজ্যখনত পি পি এ দলে ৭.২৪শতাংশ ভোট আৰু অন্যন্যাই লাভ কৰিছে ৫.২৬শতাংশ ভোট। অৰুণাচলতো এইবেলি নটাত পৰিল ০.৬৬ শতাংশ ভোট।

ছিকিমত বিৰোধী তচনচ! হাৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং...

ছিকিমত বিৰোধীক তচনচ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)। শেহতীয়াকৈ এছ ডি এফ দলৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে লজ্জাজনক পৰাজয়বৰণ কৰিছে। এছ কে এমৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ হাতত ২,২৫৬টা ভোটত পৰাজয় হৈছে চামলিঙৰ। চামলিঙৰ দল এছ ডি এফ মাত্ৰ এখন আসনত জয়ী হৈছে। ছিয়াৰী আসনত টেনজিং নৰবু লামথা ১৩১৪টা ভোটত জয়ী হৈছে বুলি জানিব পৰা গৈছে। এই সমষ্টিটো বাদ দি বাকী ৩১টা সমষ্টিতে অগ্ৰগতি লাভ কৰি আছে এছ কে এমে। বৰ্তমানলৈ এছ কে এম ১৯খন আসনত বিজয় সাব্যস্ত কৰিছে। ইয়াৰ বিপৰীতে ১২খন আসনত অগ্ৰগতি লাভ কৰি আছে। ছিকিমৰ এটা উল্লেখযোগ্য সমষ্টি গেংটকতো এছ কে এমৰ প্ৰাৰ্থীৰ জয়ী হৈছে। উক্ত সমষ্টিটোত এছ কে এমৰ প্ৰাৰ্থী ডিলে নামগায়াল বাৰফুনফাই ২৬৯২টা ভোটত জয়ী হৈছে। ইফালে ৰেনক সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ৭হাজাৰো অধিক ভোটত জয়ী হৈছে।

অৰুণাচলত বিজেপি আৰু ছিকিমত SKM অপ্ৰতিৰোধ্য...

অৰুণাচলত পূৰ্বৰ ১০খন আসনৰ সৈতে এতিয়ালৈকে ২৭খন আসনত বিজয় সাব্যস্ত বিজেপিৰ। বাকী ১৯খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। ইফালে এই মূৰ্হুতৰ লৈকে ১খন আসন দখল কৰিছে এন পি ই পি দলে। বাকী ৪খন আসনত আগবাঢ়ি আছে এই দলটোৰ প্ৰাৰ্থী। ইফালে অৰুণাচলত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে জয়ী হৈছে। খনছা (ইষ্ট) সমষ্টিত ৱাংলাম ছাৱিন নামৰ নিদৰ্লীয় প্ৰাৰ্থীগৰাকীয়ে ২২১৬টা ভোট বিজয় সাব্যস্ত কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, অৰুণাচলত এন চি পি দলে এতিয়ালৈকে ৩খন আসনত আগবাঢ়ি আছে। পি পি এ দল ২খন আসনত আগবাঢ়ি আছে। আনহাতে ছিকিমৰ ৩২খন আসনৰ ভিতৰত ৩১খন আসনতে অগ্ৰগতি লাভ কৰি আছে এছ কে এমে। বৰ্তমানলৈ ১৫খন আসনত জয়লাভ কৰা দলটো বাকী ১৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইতিমধ্যে এছ কে এম দলৰ নেতা তথা ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী ৰেনক সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছে। ইফালে এছ ডি এফে ৰাজ্যখনত এখন আসনত বিজয় সাব্যস্ত কৰিছে।


ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...

ছিকিমৰ ৩২খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM) ৪খন আসনত জয়ী হোৱাৰ লগতে ৩১খন আসনতে আগবাঢ়ি আছে। ইতিমধ্যে ৭হাজাৰৰো অধিক ভোটত ৰেনক বিধানসভা সমষ্টিত বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ইফালে নামচেবুং আসনত SKMৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ বিৰুদ্ধে ১৮৫২টা ভোটত পিছ পৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা SDFৰ প্ৰতিষ্ঠাপক মন্ত্ৰী পৱন কুমাৰ চামলিং। সমষ্টিটোত ৰাজু বাছনেটে ৬৩৩৪টা ভোট লাভ কৰাৰ বিপৰীতে পৱন কুমাৰ চামলিঙে ৪৪৮২টা ভোট লাভ কৰিছে। সমষ্টিটোত ৪টা ৰাউণ্ডত ভোটগণনা হব, বৰ্তমান ৩নং ৰাউণ্ডৰ ভোটগণনা অব্যাহত আছে সমষ্টিটোত।

অৰুণাচলত বিজেপিৰ জয় জয় ময় ময়...

অৰুণাচলত বিজেপিৰ জয় জয় ময় ময় অৱস্থা। পুনৰ ৰাজ্যখনত ৪খন আসনত জয়ী হল বিজেপি। পূৰ্বৰ ১০খনৰ সৈতে এতিয়ালৈকে ১৪খন আসনত বিজয় সাব্যস্ত বিজেপিৰ। ১৪খন আসনত জয়ী হোৱাৰ উপৰিও আৰু ৩১খন আসনত আগবাঢ়ি আছে বিজেপি। ইফালে ১খন আসনত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী। মুঠ ৪৫আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ পূৰ্বতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি ১০খন আসনত বিজয় সাব্যস্ত কৰিছিল। এন পি ই পি দল আগবাঢ়ি আছে ৬খন আসনত। পি পি এ আৰু এন চি পি দল ৩-৩খন আসনত অগ্ৰগতি লাভ কৰি আছে।

ছিকিমত একক সংখ্যাগৰিষ্ঠতাৰ দিশে SKM...

ছিকিমত এইপৰ্যন্ত শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM) ৩০ খন আসনত আগবাঢ়ি আছে। আনহাতে, এখন আসনত আগবাঢ়ি আছে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট (SDF)। ছিকিম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ৩২ খন বিধানসভাৰ আসনৰ ভিতৰত ১৭ খন।

মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে ৰেনক বিধানসভা সমষ্টিৰ পৰা তেওঁৰ নিকটতম SDMৰ প্ৰতিদ্বন্দ্বী সোমনাথ পৌডিয়ালকতকৈ প্ৰায় ৬৪৪৩ ভোটত আগবাঢ়ি থকাৰ বিপৰীতে নামচেবুং আসনত SKMৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ পিছত ১৮৫২টা ভোটত পিছ পৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা SDFৰ প্ৰতিষ্ঠাপক মন্ত্ৰী পৱন কুমাৰ চামলিং।

১০খন আসনত বিজয়ৰ সৈতে অৰুণাচলত এতিয়ালৈকে ৪৩আসনত আগবাঢ়ি আছে এন ডি এ...

অৰুণাচল প্ৰদেশত বিজেপিয়ে ১০ খন আসনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, আৰু এইপৰ্যন্ত বিজেপি ৪৩ খন আসনত আগবাঢ়ি আছে। NPEP ৬ খন আসনত আগবাঢ়ি আছে আৰু NCP ৪ খন আসনত আগবাঢ়ি আছে, PPA ৩ খন আসনত আগবাঢ়ি আছে আৰু ২ খন আসনত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।

দেওবাৰে পুৱাৰ পৰা ছিকিম বিধানসভাৰ ৩২ খন আসনৰ বাবে আৰু অৰুণাচল প্ৰদেশ বিধানসভাৰ ৬০ খন আসনৰ ৫০ খন আসনৰ বাবে ভোটগণনা চলি আছে। বাকী ১০ খন আসনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। অৰুণাচল প্ৰদেশত ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হৈ থকাৰ পাছতো ২৪ খন জিলা সদৰত আজি পুৱা ৬ বজাৰ পৰাই ভোটগণনা আৰম্ভ হয়।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in