১৮ দিনৰ পাছত মহাকাশৰ পৰা উভতিল শুভাংশু শুক্লাসহ ৪ জনীয়া দলটো...

ই অভিযানৰ নেতৃত্বত আছিল আমেৰিকাৰ প্ৰবীণ মহাকাশচাৰী তথা এক্সিয়ামৰ কমাণ্ডাৰ পেগী হুইটছন। আজি বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা শুভাংশুসহ দলটোৰ।

New Update
new ap web 1 (5)

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিছে। ১৮ দিনীয়া মহাকাশ যাত্ৰা সামৰি তেওঁৰ সৈতে এক্সিয়াম-৪ অভিযানত যোৱা চাৰিজনীয়া দলটোৱে সোমবাৰে সন্ধিয়া প্ৰায় ৪:৫০ বজাত (ভাৰতৰ সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা বিদায় লয়।

Advertisment

স্পেচএক্সৰ ড্ৰেগন মহাকাশযান ‘গ্ৰেচ’ এতিয়া ডেৰ ২২ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১৫ জুলাই মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৩ বজাত আমেৰিকাৰ কেলিফৰ্ণিয়া উপকূলৰ সমীপত সাগৰত অৱতৰণ কৰিব। ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে এই অভিযান ঐতিহাসিক আছিল, কিয়নো চাৰি দশকৰ পাছত এই দেশসমূহৰ মহাকাশচাৰীসকলে মানৱবাহী অভিযানত অংশগ্ৰহণ কৰিছিল।

এই অভিযানৰ নেতৃত্বত আছিল আমেৰিকাৰ প্ৰবীণ মহাকাশচাৰী তথা এক্সিয়ামৰ কমাণ্ডাৰ পেগী হুইটছন। আজি বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা শুভাংশুসহ দলটোৰ। ৬০টাতকৈ অধিক পৰীক্ষা সম্পন্ন কৰি ৫৮০ পাউণ্ড সামগ্ৰী লৈ ঘূৰি আহিব ড্ৰেগনযান। শুভাংশু শুক্লাৰ সাত দিনীয়া পুনৰ্বাসন হ’ব।

 উল্লেখ্য যে,  ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ খোজ দিয়া দ্বিতীয়জন ভাৰতীয় নাগৰিক হৈছে শুভাংশু। ভাৰতৰ নিজৰ মানৱ উৰণৰ বাবে তেওঁৰ এই কৃতিত্ব অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ প্ৰথমটো মানৱবাহী মহাকাশ উৰণ অভিযান গগনিয়ানৰ প্ৰধান প্ৰতিদ্বন্দ্বী শুভাংশু শুক্লা। ইছৰোৱে ২০২৭ চনত প্ৰথমটো মানৱবাহী মহাকাশ বিমান অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীয়ে।

শুভাংশ শুক্লা