ৰবি কিষাণৰ DNA পৰীক্ষা সন্দৰ্ভত আদালতৰ নিৰ্দেশ

ৰবি কিষাণৰ DNA পৰীক্ষা সন্দৰ্ভত আদালতৰ নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
ৰবি কিষাণৰ DNA পৰীক্ষা সন্দৰ্ভত আদালতৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ ডি এন এ পৰীক্ষা সন্দৰ্ভত মুম্বাই আদালতে সকাহ প্ৰদান কৰিছে লোকসভা নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থী ৰবি কিষাণক। তথ্য অনুসৰি, ২৫ বছৰীয়া অভিনেত্ৰী শিনোবা ছ’নীয়ে ৰবি কিষাণক নিজ পিতৃ বুলি দাবী কৰা লগতে ডি এন এ পৰীক্ষাৰ বাবে আদালতত আবেদন দিছিল। কিন্তু ডিন্দোশী আদালতে শিনোবা ছ’নীৰ ডি এন এ পৰীক্ষাৰ আবেদন নাকচ কৰে।

Advertisment

কিছু দিন পূৰ্বে অপৰ্ণা ঠাকুৰ নামৰ মুম্বাইৰ এগৰাকী মহিলাই ৰবি কিষাণক নিজ স্বামী বুলি দাবী কৰি ১৫ এপ্ৰিলত এখন সংবাদ মেলৰ সম্বোধন কৰিছিল। সংবাদ মেলৰ জৰিয়তে শিনোবাক ৰবি কিষাণ আৰু তেওঁৰ কন্যা বুলি সাক্ষাৎ কৰে। ৰবি কিষাণক নিজ পিতৃ বুলি দাবী কৰা শিনোবাই আদালতৰ কাষ চাপে আৰু ডি এন এ পৰীক্ষাৰ আবেদন জনায় লগতে ৰবি কিষাণৰ পৰা কন্যাৰ অধিকাৰৰ দাবী কৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে পোনপ্ৰথমে এনে কোনো ঘটনা নাই যিয়ে অপৰ্ণা আৰু ৰবি কিষাণৰ মাজৰ সম্পৰ্কক প্ৰমাণ কৰিব পাৰে।

আনহাতে,ৰবি কিষাণৰ পত্নী প্ৰীতিয়ে অপৰ্ণাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। লগতে সমাজবাদী পাৰ্টীৰ নেতা বিবেক কুমাৰ পাণ্ডে আৰু ইউটিউবাৰ খুৰ্শীদ খান ৰাজুৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰে।ৰবি কিষাণে পূৰ্বতেও এনেধৰণৰ ব্লেকমেইলিঙৰ সন্মুখীন হোৱা লগতে তেওঁক ২০ কোটি টকাৰ দাবী কৰিছিল বুলিও ৰবি কিষাণৰ পত্নী প্ৰীতিয়ে এজাহাৰত উল্লেখ কৰে।

Also Read: শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ

Ravi kishan DNA shinova soni Ravi kishan Ravi kishan daughter