শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ

শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ

author-image
Asomiya Pratidin
New Update
শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ লোকসভা সমষ্টিত শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিভিন্ন স্থানত ভোট বৰ্জন কৰিছে ভোটাৰসকলে। কৰবাত যদি ভোট কেন্দ্ৰ স্থানান্তৰ, আন ক'ৰবাত আকৌ যাতায়তৰ বাবে নাই সুচল পথৰ ব্যৱস্থা। এনে ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি ভোট বৰ্জন কৰিছে শ শ ভোটাৰে।

Advertisment

শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডত জল নিষ্কাশন নকৰা বাবে ভোট বৰ্জন কৰিছে শতাধিক ভোটাৰে। ইফালে, উদাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গানগৰ চাহ বাগিছাৰ ১২০ নং ভোটকেন্দ্ৰৰ ভোটাৰসকলে পথ নিৰ্মাণ নকৰাৰ প্ৰতিবাদত ভোট বৰ্জন কৰিছে ।

কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা সাত শতাধিক যদিও দুপৰীয়া ২বজালৈ মাত্ৰ এজন ভোটাৰে ভোটদান কৰে।‌ ভোট বৰ্জনৰ খবৰ পাই কেন্দ্ৰ টোত এডিচি, চক্ৰ বিষয়া আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চোম উপস্থিত হৈ ভোটদান কৰিবলৈ ভোটাৰসকলক বুজাই যদিও ভোটাৰসকলে স্পষ্ট কৰি কয় যে পথ নিৰ্মাণ নোহোৱালৈকে তেওঁলোকে ভোটদান নকৰে।

Also Read: হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...

Silchar voting loksabha election 2024 phase2