গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুচেইনক দুবৃৰ্ত্তৰ আক্ৰমণ: অৱস্থা সংকটজনক...

গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুচেইনক দুবৃৰ্ত্তৰ আক্ৰমণ: অৱস্থা সংকটজনক...

author-image
Asomiya Pratidin
New Update
গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুচেইনক দুবৃৰ্ত্তৰ আক্ৰমণ: অৱস্থা সংকটজনক...

গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুচেইনক দুবৃৰ্ত্তৰ আক্ৰমণ: অৱস্থা সংকটজনক...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ আজি বিলাসীপাৰাত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুচেইনক তিনিজন অচিনাক্ত দুৰ্বৃত্তই অতৰ্কিত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয়। সভাপতি শ্বাহনাৱাজ হুচেইন পেশাত এজন অধিবক্তা।

Advertisment

আজি পুৱা অধিবক্তা গৰাকীয়ে নিজৰ পেশাগত কামৰ বাবে বিলাসীপাৰা মহকুমা আদালতত উপস্থিত হৈ নিজৰ কাম সম্পন্ন কৰি নিজ ঘৰলৈ উভতি গৈ থকা অৱস্থাত আদালতৰ সন্মুখতে তিনিজনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে ৰডেৰে অতৰ্কিত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোয়ে অতৰ্কিত আক্ৰমণ কৰাৰ পিছত তৎক্ষণাৎ ঘটনাস্থলীৰ পৰা পৰায়ন কৰে।

দুৰ্বৃত্তই ৰডেৰে অধিবক্তাগৰাকীক হাত আৰু ডিঙিত আঘাত কৰাৰ ফলত তেঁও গুৰুতৰ ভাবে আহত হয়। আহত অৱস্থাত তেঁওক বিলাসীপাৰা আৰ্দশ চিকিৎসালয়ত তৎক্ষণাৎ ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত ধুবুৰী পিছত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়।

ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা তেঁওক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।বাতৰি লিখা পৰলৈকে অধিবক্তাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিৱ পৰা গৈছে।

আনহাতে বিলাসীপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ঘটনা সন্দৰ্ভত ভিন ভিন গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি এই ঘটনাৰ বাবে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ লগতে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ,আছু,আমছু আৰু আক্ৰাছুকে ধৰি বিভিন্ন সংগঠনে তীব্ৰভাবে নিন্দা কৰে। তেওঁলোকে দোষীক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়।

ক্লিক কৰি পঢ়কঃ কাবুলীৱালাৰ বাঙালী বউ' গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰি সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিলে ৰাজা দেবজিত বসুমতাৰীয়ে...

শ্বাহনাৱাজ হুচেইন গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ