/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/14866e1e-70cc-4ee6-986c-6a72af938d4c/raja_22.jpg)
'কাবুলীৱালাৰ বাঙালী বউ' গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰি সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিলে ৰাজা দেবজিত বসুমতাৰীয়ে...
ডিজিটেল সংবাদ চিৰাংঃ ভাৰতীয় সাহিত্য জগতৰ অতিকৈ সন্মানিত বঁটা সাহিত্য অকাডেমী বটাঁ । আজি ৰাষ্ট্ৰীয় স্তৰত চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা সাহিত্যিকসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে ।
এইবেলি সাহিত্য অকাডেমী বঁটাৰ অনুবাদ শাখাত বড়ো ভাষাৰ অনুবাদকাৰী চিৰাং জিলাৰ কাজলগাঁৱৰ বেংতল গেটৰ ৰাজা দেবজিত বসুমতাৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে । প্ৰখ্যাত বঙালী লেখিকা সুস্মিতা চট্টোপাধ্যায়েৰ সত্য ঘটনাৰ আধাৰত ৰচনা কৰা বহুচৰ্চিত বঙালী গ্ৰন্থ কাবুলীৱালাৰ বাঙালী বউ নামৰ গ্ৰন্থখন ৰাজা দেবজিত বসুমতাৰীয়ে বড়ো ভাষাত "কাবুলীৱালা নি বাঙ্গালী বিজি" নামেৰে ২০১৬ চনত অনুবাদ কৰি প্ৰকাশ কৰিছিল ।
আজি বড়ো ভাষাত অনুবাদ কৰা "কাবুলীৱালা নি বাঙ্গালী বিজি" নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী অনুবাদ শাখাত বঁটা লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে । আজি সন্ধিয়াৰ ভাগত সাহিত্য অকাডেমীৰ বঁটা লাভ কৰাৰ তালিকা প্ৰকাশ হোৱাৰ পিছতেই বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজা দেবজিত বসুমতাৰীক শুভেচ্ছা জ্ঞাপন কৰে ।
সন্ধিয়াৰ পৰা তেখেতৰ কাজলগাঁৱৰ বেংতল গেটৰ বাসগৃহত অসংখ্য গুণমুগ্ধ লোকৰ আগমন ঘটে । বড়ো সাহিত্য সভা, এবছুকে আদি কৰি বিভিন্ন দল সংগঠনৰ লোকে ৰাজা দেবজিত বসুমতাৰীক আৰ'নাইৰে আঁদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে ।
উল্লেখ্য যে, চিৰাং জিলাৰ বেংতল গেটৰ সমীপৰ ওয়েচিচ অফছেট প্ৰিন্টাৰ্চৰ স্বত্বাধিকাৰী ৰাজা দেবজিত বসুমতাৰীয়ে "কাবুলীৱালা নি বাঙ্গালী বিজি" নামৰ গ্ৰন্থখনৰ বাদেও অসমীয়া, বঙালী, ইংৰাজী ভাষাৰ মুঠ ছখন গ্ৰন্থ বড়ো ভাষাত অনুবাদ কৰি প্ৰকাশ কৰিছে ।
তদুপৰি ৰাজা দেৱজিৎ বসুমতাৰীৰ বড়ো ভাষাত এখন গল্প সংকলন গৌছৌনি মেগোনাও আৰু হাৰোবাউ মৌনসে দাউহা নেনানৈ নামৰ এখনি কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছে। লক্ষ্যণীয় বিষয় যে ৰাজা দেবজিত বসুমতাৰীৰ সম্পাদনাত ২০১৩ চনৰ বড়ো ভাষাত মাহেকীয়া আলোচনী ৰৌৰ'থৌন প্ৰকাশ হৈ আছে ।
আজিৰ পুত্ৰ ৰাজা দেবজিত বসুমতাৰীৰ এই সাফল্যৰ বাতৰি লাভ কৰাৰ পিছত পিতা লোহিত ব্ৰহ্ম আৰু মাতৃ দৰ্বেশ্বৰী ব্ৰহ্ম গৰ্বিত বুলি মন্তব্য কৰে ।
Congratulations to Smt. Rashmi Choudhury on winning the prestigious Sahitya Akademi Award in Bodo language for her collection of poems "Sansrini Madira", and Shri Raja Debajit Basumatary on winning the Sahitya Akademi (Translation) Award for his book "Kabuliwalani Bangali Biji". pic.twitter.com/dP9YScz82O
— Pramod Boro (@PramodBoroBTR) December 22, 2022
ক্লিক কৰি পঢ়কঃ এক্সন মুডত উপায়ুক্ত কীৰ্তি জলীঃ বকোত নিশা মদ্যপায়ী চালকক বিহিলে জৰিমনা...