শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...

শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...

ডিজিটেল ডেস্ক : এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত অব্যাহত আছে তদন্ত। তদন্তৰ অংশস্বৰূপে আজি চিএম ভিজিলেন্সত উপস্থিত হয় এজনৰ পিছত আনজন এজন আৰটিআই কৰ্মী।

উক্ত কাৰ্যালয়ত উপস্থিত হৈছে কেইবাখনো শিক্ষানুষ্ঠানৰ প্রধান। কিয়নো ১০৫ কোটি টকীয়া কেলেংকাৰীত নাম ওলাইছিল কেইবাখনো শিক্ষানুষ্ঠানৰ। আবণ্টন দিয়া ধনৰ ব্যৱহাৰ নকৰাকৈয়ে হৰলুকি কৰিছিল একাংশই। যাৰ বাবে আজি নামভৰ্তি, শিক্ষকৰ সংখ্যা, বিত্তীয় তথ্য আদি বিষয়ৰ প্রশ্নৰ সন্মুখীন হৈছে কেইবাখনো শিক্ষানুষ্ঠানৰ প্রধানে।

ইয়াৰ ভিতৰত ডিব্রুগড় ডাইট (DIET)ৰ দ্বিজেন চন্দ্র গগৈ, শিলচৰৰ অপৰ্ণা চক্রৱৰ্তী, বঙাইগাওঁ ডাইট (DIET)ৰ দীপক কুমাৰ তালুকদাৰ, গোলাঘাট ডাইট (DIET)ৰ সাধন পাল, যোৰহাট ডাইট (DIET)ৰ অনন্ত গগৈ, আৰ টি আই কৰ্মী ৰবিজিত গগৈ আৰু কেশৱ গগৈ।

উল্লেখ্য যে, বঙাইগাঁও ডাইট (DIET)ৰ কেন্দ্রটোৰ আন্তঃগাঁথনিৰ নামত লুণ্ঠন হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেয়েহে তদন্তকাৰী বিষয়াৰ ৯টাকৈ প্রশ্নৰ সন্মুখীন হৈছে বঙাইগাঁৱৰ ডাইট (DIET)ৰ প্রধানে।

আনহাতে চি এম ভিজিলেন্সত উপস্থিত হৈছে ৱেব প’ৰ্টেলৰ এগৰাকী সাংবাদিক। সাংবাদিকগৰাকীৰ নাম পূজা দাস ওৰফে হনী কাশ্যপ।

শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...
পখিলা খেদাৰ বয়সত জটিল ৰোগ: আৰ্থিক সংকটত পৰিয়াল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in