/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/200c922f-7a43-441a-9834-877642eb3c42/Bemar.jpg)
ডিজিটেল সংবাদ, চতিয়া : পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত হৈছে চতিয়াৰ নাগশংকৰৰ এটি ৬ বছৰীয়া শিশু। অঞ্চলটোৰ মেটেৰা গাঁৱৰ কৌশিক দাস নামৰ ৬ বছৰীয়া শিশুটিৰ চিকিৎসাৰ বাবে এতিয়া পিতৃ-মাতৃয়ে ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ ৷
দিপাংকৰ দাস আৰু পৰিস্মিতা দাসৰ পুত্ৰ কৌশিকৰ যোৱা ২০২২ বৰ্ষৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসা কৰি থকা হৈছিল যদিও এতিয়া ৰোগৰ কোনো উপশম নোহোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাংগালোৰলৈ যাবলৈ পৰামৰ্শ দিয়াত উপায়হীন হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃ। যোৱা এবছৰ ধৰি চিকিৎসা কৰি থকাৰ বাবদ প্ৰায় ৪ লাখৰো অধিক টকা ব্যয় হোৱাত এতিয়া শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ আৰ্থিক সংকটত পৰিছে পিতৃ-মাতৃ।
সেয়েহে শিশুটিৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ অৰ্থৰ বাবে শিশুটিৰ পিতৃ-মাতৃয়ে ৰাইজৰ পৰা বিচাৰিছে সহায়। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালটোৰ।
কোনো সদাশয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে শিশুটিৰ মাতৃ পৰিস্মিতা দাসৰ নামত থকা আই এফ এছ চি-ইউ বি আই এন ০৫৬১৪৬১ (IFSC-UBIN-0561461) আৰু একাউন্ট নম্বৰ ৬১৪৬০২০১০০০৭৬১৭ (614602010007617)ত সহায়ৰ হাত আগবঢ়াবৰ বাবেও অনুৰোধ জনায়।
Also Read: শেষ হোৱা নাই বাল্য বিবাহ: চিৰাঙৰ কাজলগাঁৱত গ্ৰেপ্তাৰ এজন...