নাবালিকে পলুৱালে নাবালিকাক, সংঘাতত আহত কেইবাজনো লোক

হাজো আৰক্ষী থানাৰ অন্তৰ্গত পণ্ডিতৰ পামত সংঘটিত হয় ভয়ংকৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া নাবালিকাক পলুৱাই নিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাটৰ। দুইপক্ষৰ সংঘাতৰ ফলত আহত হৈছে ছোৱালীপক্ষৰ কেইবাগৰাকীও লোক। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নাবালিকাক পলুৱাই নিয়াক লৈ সংঘাট

নাবালিকাক পলুৱাই নিয়াক লৈ সংঘাট

ডিজিটেল সংবাদ, হাজো: হাজো আৰক্ষী থানাৰ অন্তৰ্গত পণ্ডিতৰ পামত সংঘটিত হয় ভয়ংকৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া নাবালিকাক পলুৱাই নিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাতৰ। দুইপক্ষৰ সংঘাতৰ ফলত আহত হৈছে ছোৱালীপক্ষৰ কেইবাগৰাকীও লোক। 

Advertisment

খবৰ অনুসৰি, নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ওচৰৰে ১৫ বছৰীয়া এজন নাবালকৰ। ছোৱালীজনী নাবালিকা হোৱাৰ বাৰে তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল নাবালিকাগৰাকীৰ পৰিয়ালে। যাৰবাবে নাবালক প্ৰেমিকে নাবালিকাক পলুৱাই লৈ যায়। ইফালে নাবালিকাৰ পৰিয়ালৰ অভিযোগ, নাবালক প্ৰেমিকৰ পৰিয়ালে বুদ্ধিৰে দুয়ো প্ৰেমিক প্ৰেমিকাক গুৱাহাটীলৈ পলুৱাই পঠিয়াইছে।

ইয়াকে লৈ দুই পক্ষৰ মাজত লাগিল হতাহতি। ছোৱালীৰ ককাক মতিবৰ আলীক ল'ৰাৰ পৰিয়ালৰ লোকে গুৰুত্বৰভাৱে প্ৰহাৰ কৰে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আনহাতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নাবালিকাৰ বিছাৰি আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত। ঘটনাক কেন্দ্ৰ কৰি হাজো অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Hajo Police fight hajo