একাধিক কবি-সাহিত্যিকলৈ সেউজী-সেউজী বঁটা ঘোষণা

নানকাৰভয়ৰাত অনুষ্ঠিত হ'বলগীয়া সেউজী সেউজী ৰাষ্ট্ৰীয় কবি সমাৰোহত নগদ ধন , স্মাৰকসহ বটাঁসমূহ প্ৰদান কৰা হ'ব

author-image
Asomiya Pratidin
New Update
একাধিক কবি-সাহিত্যিকলৈ সেউজী-সেউজী বঁটা ঘোষণা

একাধিক কবি-সাহিত্যিকলৈ সেউজী-সেউজী বঁটা ঘোষণা

ডিজিটেল সংবাদ,নলবাৰীঃ ৰাজ্যৰ একাধিক কবি-সাহিত্যিকলৈ সেউজী-সেউজীৰ বঁটা ঘোষণা।৪৮ বৰ্ষত পদাৰ্পন কৰা অসমৰএকমাত্ৰ কাব্যালোচনী " সেউজী সেউজী"য়ে নিয়মীয়াকৈ কবি আৰু কাব্য সংগঠকসকলক প্ৰদান কৰি আহিছে "সেউজী সেউজী বটাঁ" আৰু "পাগ্লাদিয়া বটাঁ" ।

Advertisment

কভিডৰ কাৰণে সাময়িকভাৱে বটাঁ প্ৰদান স্থগিত আছিল বাবে এই বৰ্ষত যোৱা তিনিটা বৰ্ষৰ বটাঁ একেলগে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে তৰুণ বৰ্মন,পুলক বৰ্মন আৰু সমন্বয়ক প্ৰণৱ কুমাৰ বৰ্মনে। জুৰী মণ্ডলীৰ নিৰ্বাচন অনুসৰি ২০২০-২১ বৰ্ষৰ সেউজী সেউজী বটাঁ বিশিষ্ট কবি ,কাব্য সংগঠক পান্থপাদপৰ সম্পাদক কবিতা দত্ত ওৰফে দুৰ্গেশ্বৰ দত্তক , ২০২১-২২বৰ্ষৰ বাবে বিশিষ্ট কবি নীলিম কুমাৰক আৰু ২০২২-২৩ বৰ্ষৰ সেউজী সেউজী বটাঁ বিশিষ্ট কবি ,ঔপন্যাসিক, অনুবাদক অধ্যাপক ড০ প্ৰাণজিৎ বৰালৈ আগবঢ়োৱা হৈছে।

একেদৰে ২০২০-২১ বৰ্ষৰ " পাগ্লাদিয়া বটাঁ" বিশিষ্ট কবি ,যুৱ সাহিত্য অকাডেমি প্ৰাপক বিজয় শংকৰ বৰ্মন, ২০২১-২২ বৰ্ষৰ বাবে বিশিষ্ট কাব্য সংগঠক ডিগবৈৰ যোগেশ বিকাশ গগৈলৈ আৰু ২০২২-২৩ বৰ্ষৰ পাগ্লাদিয়া বটাঁ মুম্বাইস্থিত কবি ,নবীনৰ প্ৰাক্তন সম্পাদক বিপুল কুমাৰ কলিতালৈ আগবঢ়োৱা হৈছে ।

উদ্যোক্তাসকলে জনোৱা মতে অহা মাৰ্চ মাহত নানকাৰভয়ৰাত অনুষ্ঠিত হ'বলগীয়া সেউজী সেউজী ৰাষ্ট্ৰীয় কবি সমাৰোহত নগদ ধন স্মাৰকসহ উক্ত বটাঁ সমূহপ্ৰদান কৰা হ'ব।

আৰু পঢ়কঃএকেখন মঞ্চত, একে সময়তে অবাক প্ৰকাশনৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন

seuji-seuji nalbari