/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/de4423e5-36ba-46e7-9ac8-3be66243ed0a/cotton0.jpg)
একেখন মঞ্চত, একে সময়তে অবাক প্ৰকাশনৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন
ডিজিটেল ডেস্কঃ বছৰটোৰ শেষৰ দিনটোতে একেখন মঞ্চত, একে সময়তে অবাক প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ২০ খনকৈ গ্ৰন্থৰ উন্মোচন। শনিবাৰে ঐতিহ্যমণ্ডিত কটন কলেজৰ কটন এলামনাই ভৱনত আয়োজিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ ২০ গৰাকী স্বনামধন্য লেখকৰ ২০খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4f052037-5514-4e2e-9c35-d78d1da4a170/cotton1.jpg)
মহানগৰীৰ আগশাৰীৰ প্ৰিণ্টিং প্ৰতিষ্ঠান কালৰপ্লাছৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কামৰূপ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই। ইয়াৰ পাছতে কালাৰ প্লাছ তথা অবাক প্ৰকাশনৰ স্বত্বাধিকাৰী ভাস্কৰ বৰ্মনে উন্মোচকসকল সম্বৰ্ধনা জনাই মঞ্চলৈ আদৰি নিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/635b4a36-9edf-4792-be3b-a9ec50a9b87a/4bd47618_19e1_48c2_9eba_c99a23cf2e50.jpg)
উল্লেখ্য যে, প্ৰকাশন ক্ষেত্ৰত নতুনকৈ আত্মপ্ৰকাশ কৰা অবাক প্ৰকাশনে উন্মোচিত গ্ৰন্থৰাজি প্ৰকাশ কৰি উলিয়াই। গ্ৰন্থসমূহ হ'ল নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ 'শ্ৰীকৃষ্ণ আৰু ৰাসতত্ব',ডা০ শুভ্ৰকিংকৰ গোস্বামীৰ 'জন অৰণ্যৰ মাজে মাজে',ড০ দীনেশ বৈশ্যৰ 'অচিন চীন',অতুল মজুমদাৰৰ 'ৰঙ্গৰং নানা চং',হৰেশ্বৰ বৰ্মনৰ 'জাতীয় সমস্যা আৰু অন্যান্য়ঃসমাধানৰ সূত্ৰানুসন্ধান',কিশোৰ কুমাৰ কলিতাৰ 'জাতি মাটি ভেটি',প্ৰনৱ কুমাৰ বৰ্মনৰ 'স্বাগতম জীৱন',ডিম্বেশ্বৰ গগৈৰ 'খবৰত জীৱনবোধ',মনোৰঞ্জন কলিতাৰ 'ৰূপান্তৰৰ ৰূপকাৰ',দিগন্ত কুমাৰ চৌধুৰীৰ 'মঞ্চৰ পোহৰ আৰু শব্দ',তপন চন্দ্ৰ কলিতাৰ 'প্ৰতিস্ৰোত',হিল্লোল কুমাৰ পাঠকৰ 'যি কথা নক'লে শ্বেইক্সপীয়েৰে',জিষ্ণু মেধিৰ 'শব্দৰ দৰে তুমি',কৌশিক কুমাৰ ডেকা আৰু পাৰ্থ প্ৰতিম ডেকাৰ 'ঐক্যতান',নিশামণি শইকীয়াৰ 'শিল্পানুভৱ আৰু অন্যান্য',অৰুণিমা কলিতা মেধিৰ 'বিশ্ব পৰিক্ৰমা',বিষয়া ভূঞাৰ 'আধুনিক ৰূপচৰ্চা', কৌশিক কুমাৰ ডেকাৰ 'বৃন্দাবন', ময়ুৰাক্ষী দত্তৰ 'ৰুণ' আৰু প্ৰাঞ্জল মজুমদাৰৰ 'শৰাইঘাটৰ শেষ ৰণ আৰু ভাষা সংকট'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b0db4f60-0ef2-4c48-b7fe-6fa70a8a9afd/87e00902_a5a9_46f9_8185_65a81e136bd7.jpg)
তিলক চন্দ্ৰ শৰ্মা, ডা০ অঞ্জনজ্যোতি চৌধুৰী,শান্তনু বৰঠাকুৰ,নীলিম কুমাৰ,স্মিতাক্ষী বি গোস্বামী আৰু অমল দাসে এই আটাইকেইখন গ্ৰন্থ গ্ৰন্থকাৰৰ উপস্থিতত উন্মোচন কৰে। ইয়াৰ পাছতে অনুষ্ঠানত উন্মোচকসকলে নিজৰ নিজৰ বক্তব্য উপস্থিত ৰাইজৰ সন্মুখত দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0f21bac1-5050-419f-be35-c30afaadd11a/09e3fafd_8977_442a_9b1b_b85b8d036d8d.jpg)
উন্মোচকসকলৰ ভিতৰত ডা০ অঞ্জনজ্যোতি চৌধুৰীয়ে ৰসাল বক্তব্যৰে উপস্থিত ৰাইজক বেচ আমোদ দিয়ে। অনুষ্ঠানটিত ভালেসংখ্যক গন্য মান্য ব্যক্তিৰ লগতে সাংবাদিক উপস্থিত থাকে।
আৰু পঢ়কঃ দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ