ৰূপনগৰত জ্যেষ্ঠ নাগৰিকৰ সভা সম্পন্ন

ৰূপনগৰত জ্যেষ্ঠ নাগৰিকৰ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
ৰূপনগৰত জ্যেষ্ঠ নাগৰিকৰ সভা সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটী: বৃহস্পতিবাৰে ৰূপনগৰ শ্ৰীমন্তপুৰ, বিৰুবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ এখনি সভা মঞ্চৰ ৰূপনগৰস্থিত স্থায়ী সভাগৃহত মঞ্চৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ দেবেন্দ্ৰনাথ বসুমতাৰীৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক কন্দৰ্প কুমাৰ নাথে ।

Advertisment

সভাত হৰেন্দ্ৰ নাথ তালুকদাৰৰ কাব্যগ্ৰন্থ "মন কল্পনাৰ ছন্দ" উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ ড০ ধৰণীধৰ গোস্বামীয়ে কয়- কবিসকলে যিকোনো পৰিবেশতে একাকাৰ‌ হৈ নিজস্ব ধাৰণাৰেই আগুৱাই যাব পাৰে। সংস্থাৰ উপ-সভাপতি চন্দ্ৰ দাস, জ্যোতিষ শৰ্মা, কোষাধ্যক্ষ উমেশ চন্দ্ৰ দত্ত, প্ৰাক্তন সভাপতি ৰজনীকান্ত শৰ্মা, হৰি প্ৰসাদ মেধি, অনিলা দৈমাৰী শৰ্মা, ৰেবা‌ শৰ্মা, প্ৰণৱ দাস, ড০ অনুপমা দত্ত ৰাজাই বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি বক্তব্য দাঙি ধৰে।

সভাৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰীয়ে‌ তেওঁৰ ‌ভাষণত কয়- কবিসকলৰ অন্তৰ নিৰ্মলাকাশৰ দৰে । কবিয়ে তেওঁ বসবাস কৰা সমাজখন ‌সৰ্বদিশতে সৰ্বাংগ সুন্দৰ হোৱাটো কামনা কৰে।

Also Read: কৰৈয়নী বাৰগঞা মন্দিৰত আশীষ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

rupnagar