/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/h0z2sq3t/HIMANTA 8.jpg)
কৰৈয়নী বাৰগঞা মন্দিৰত আশীষ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...
ডিজিটেল সংবাদ উৰিয়াগাঁও: নগাঁও-বটদ্রৱা সমষ্টিৰ অন্তৰ্গত কৰৈয়নীৰ বাৰগঞা মন্দিৰত বুধবাৰে বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মন্দিৰৰ আশীষ লয়।মুখ্যমন্ত্ৰীগৰাকীক কাষত পায় ভকত-বৈষ্ণৱসকল আনন্দিত হৈ পৰে।
ইয়াৰ পিছতে বাৰগঞা সমাজৰ বিষয়বীয়া আৰু স্থানীয় ৰাইজৰ লগত মুখ্যমন্ত্ৰী শৰ্মা এক চমু আলোচনাত মিলিত হয়। মন্দিৰ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক ফুলাম গামোছা,চেলেং,জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/wdtoq7v1/abd74c4b-18dc-4c68-b825-f118b13daaab.jpg)
অনুষ্ঠানত বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰাই মন্দিৰভাগৰ বিভিন্ন সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক দৃষ্টিগোচৰ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰগঞা মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি মন্দিৰটো উন্নয়নৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে।
অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়ে।মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থকা এই অনুষ্ঠানত বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী,বি জে পি নেতা সুৰেশ বৰা,বাবুল বৰাকে ধৰি বাৰগঞা সমাজৰ বহু বিষয়বীয়া,সদস্য আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/nxdy6ucj/5fd7cb78-1a2a-49e3-aa12-f61a4f0664b3.jpg)
অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰি ভঙাৰ সন্দৰ্ভত দায়সৰা মন্তব্য দিয়াহে পৰিলক্ষিত হ'ল। সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, বিজেপি চৰকাৰৰ দিনত চাৰিটা মথাউৰি ভাঙিছে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তিনিশতকৈ অধিক মথাউৰি ভাঙিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/nru7o53u/d16f60b1-f69b-4d3d-a876-c98a79d2f9ef.jpg)
Also Read: RSS ৰ সহযোগী সংস্থাৰ দাবী- ভাৰতত খিলঞ্জীয়া দিৱস পালনৰ কোনো অৰ্থ নাই