পশ্চিম ঢকুৱাখনাত "অন্ধ বিশ্বাস ,শিক্ষা আৰু স্বাস্থ্য" শীৰ্ষক আলোচনা চক্ৰ...

"বৰ্তমানৰ যুৱ প্ৰজন্মই অতীতৰ প্ৰতি শ্ৰদ্ধাশীল ,বৰ্তমানৰ প্ৰতি দায়বদ্ধশীল, আৰু ভৱিষ্যতৰ দিনৰ এটা  বিজ্ঞান মনস্ক সপোন লৈ আগুৱাই গলেহে আমাৰ সমাজ-সভ্যতা  কুসংস্কাৰ মুক্ত হৈ  সুৰক্ষিত হৈ ৰ'ব।"
আলোচনা চক্ৰ
আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সাম্প্ৰতিক সময়ত গ্ৰাম্য সমাজ ব্যৱস্থাত প্ৰচলিত অন্ধ বিশ্বাস ,কু প্ৰথাৰ কৰাল গ্ৰাসৰ পৰা সমাজ আৰু সভ্যতাক পুনৰোদ্ধাৰ কৰি এখন বিজ্ঞান মনস্ক প্ৰগতিশীল চিন্তা ধাৰণাৰে গঢ় দিয়াৰ লক্ষ্যৰে মঙ্গলবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ আলোচনা চক্ৰ। পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা,  মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা , পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় আৰু মেধাবী বিদ্যাপীঠৰ যৌথ উদ্যোগত পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হয় এই আলোচনা চক্ৰ।

"অন্ধবিশ্বাস- শিক্ষা আৰু স্বাস্থ্য" শীৰ্ষক এই সময়োপযোগী আলোচনা চক্ৰৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক শিক্ষক ,শিক্ষাৰ্থী, অভিভাৱক, শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা আলোচনা চক্ৰৰ সঞ্চালনা কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঁইয়ে ।

আলোচনা চক্ৰত আলোচক হিচাবে বক্তব্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে কয় "বৰ্তমানৰ যুৱ প্ৰজন্মই অতীতৰ প্ৰতি শ্ৰদ্ধাশীল ,বৰ্তমানৰ প্ৰতি দায়বদ্ধশীল, আৰু ভৱিষ্যতৰ দিনৰ এটা  বিজ্ঞান মনস্ক সপোন লৈ আগুৱাই গলেহে আমাৰ সমাজ-সভ্যতা  কুসংস্কাৰ মুক্ত হৈ  সুৰক্ষিত হৈ ৰব ।"

"কেৱল আনুষ্ঠানিক শিক্ষাই এটি শিশুক সু-নাগৰিক হিচাবে  গঢ়ি তুলিব নোৱাৰে। শিশুটিক  বিজ্ঞান মনস্ক, সংস্কাৰী আৰু উৎকৃষ্ট মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ অভিভাৱক,পৰিয়াল আৰু সমাজৰ কৰণীয় অধিক । মনোজ্ঞ আলোচনাচক্ৰত অন্য গৰাকী বক্তা ঢকুৱাখনা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অমল চন্দ্ৰ দত্তই বিষয় বস্তুৰ সন্দৰ্ভত আৰু অন্ধ-বিশ্বাস দূৰীকৰণত শিক্ষাৰ্থী সকলৰ ভূমিকা সন্দৰ্ভত বিশ্লেষণাত্মক আৰু মননশীল বক্তব্য আগবঢ়ায়। 

বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দত্ত , ডঃ নৰেন্দ্ৰ নাথ দত্ত, বিমান সন্দিকৈ ,প্ৰবীণ শিক্ষাবিদ দ্বিগেন্দ্ৰ নাথ হাজৰিকা , তুলধৰ শৰ্মা , ডিম্বেশ্বৰ গগৈ আৰু গৰিষ্ঠ সংখ্যক শতাধিক শিক্ষাৰ্থীয়ে আলোচনাচক্ৰত অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in