সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে শিক্ষাৰ্থীক কাম কৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ...

সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে শিক্ষাৰ্থীক কাম কৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ...
সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে শিক্ষাৰ্থীক কাম কৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ 'সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম নকৰিলে শিক্ষাৰ আনুষ্ঠানিক ডিগ্ৰী, চাকৰিৰ কোনো মূল্য নাথাকে৷ কেৱল মাক-দেউতাকৰ ধনেৰে কোনো শিক্ষিত হোৱা নাই৷ এজন শিক্ষাৰ্থীক শিক্ষিত কৰাত চৰকাৰে খৰচ কৰা ধন আহে ৰিক্সাচালক, শ্ৰমিককে ধৰি সমাজৰ সকলো স্তৰৰ লোকে দিয়া কৰ-কাটলৰ পৰা৷ গতিকে সমাজৰ পিছপৰা লোকসকলৰ প্ৰতি শিক্ষিতসকলৰ দায়িত্ব আছে৷ কৃতিত্বৰে উত্তীৰ্ণ হৈ বঁটা লাভ কৰা শিক্ষাৰ্থীসকলে সমাজৰ প্ৰতি বৰঙণি যোগাব বুলি আমি আশা ৰাখিছো৷'

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানত ধুবুৰী জিলা আৰু দক্ষিণ শালমৰা-মানকাচৰ জিলাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি দিয়া ভাষণত এইদৰে কয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী,পৰ্যটন, কৌশল বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷

তেওঁ ধুবুৰী জিলাৰ পাছপৰা অঞ্চলসমূহত জন্ম নিয়ন্ত্ৰণকে ধৰি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিত আগভাগ ল'বলে ভোলানাথ মহাবিদ্যালয় সহিতে ধুবুৰীৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানক আহ্বান জনায়৷ ভোলানাথ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ প্ৰশংসা কৰি ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয়, 'মহাবিদ্যালয়খনত এটা ভাল শৈক্ষিক পৰিবেশ আছে৷ এই পৰিবেশ অটুট থাকিলে ইয়াত এখন বিশ্ববিদ্যালয় হ'বলৈ বেছিদিন নালাগিব৷'

বৰ্তমানৰ শিক্ষাৰ্থীসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয়, 'তোমালোক অতি ভাগ্যশালী প্ৰজন্ম৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকল মেধাৰ সহায়ত জীৱনত আগবাঢ়িব পৰাৰ এটা পৰিবেশ গঢ়ি উঠিছে৷ এতিয়া অসম লোকসেৱা আয়োগৰে নহয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিও মেধাৰ জৰিয়তে পোৱাৰ পৰিবেশ গঢ়ি উঠিছে৷'

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত একোখনকৈ স্কুটাৰ দিয়া হৈছে৷ ধুবুৰী জিলাৰ মুঠ ৮৮৬ গৰাকী শিক্ষাৰ্থী এই বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে৷

ইয়াৰে ৭১৯ গৰাকী ছাত্ৰ আৰু ১৬৭ গৰাকী ছাত্ৰী৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩১২ গৰাকী ছাত্ৰী আৰু ১৫ গৰাকী ছাত্ৰসহ মুঠ ৩২৭ গৰীক শিক্ষাৰ্থী বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে৷ তেওঁলোকৰ মাজৰে ধুবুৰী জিলাৰ ১০ গৰাকী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩ গৰাকীসহ মুঠ ১৩ গৰাকী ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে মন্ত্ৰীগৰাকীয়ে স্কুটাৰ বিতৰণ কৰে৷

বাকীসকলক পৰ্যায়ক্ৰমে স্কুটাৰসমূহ দিয়া হ'ব৷ আজিৰ অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক বছিৰ আহমেদ কাছিমি, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, অসম ৰাজ্যিক বেচা কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষসহিতে শিক্ষক-শিক্ষয়িত্ৰীসকল, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল আৰু বঁটাপ্ৰাপক শিক্ষাৰ্থীসকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in