স্বাধীনতা সংগ্ৰামত ভাগ লোৱা ধুবুৰীৰ অবন্দিত নায়কসকলৰ বিষয়ে তথ্য সমৃদ্ধ আলোচনা...

স্বাধীনতা সংগ্ৰামত ভাগ লোৱা ধুবুৰীৰ অবন্দিত নায়কসকলৰ বিষয়ে তথ্য সমৃদ্ধ আলোচনা...
স্বাধীনতা সংগ্ৰামত ভাগ লোৱা ধুবুৰীৰ অবন্দিত নায়কসকলৰ বিষয়ে তথ্য সমৃদ্ধ আলোচনা...

ডিজিটেল সংবাদ ধুবুৰীঃ 'আমি নিজৰ ইতিহাস বা অতীতৰ বিষয়ে ভালকৈ নাজানিলে আমাৰ ভেঁটিটো মজবুট নহ'ব৷ দেশৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা বহু ব্যক্তিৰ নাম ইতিহাসৰ পাতত নাই৷ দেশৰ মুক্তি সংগ্ৰামৰ সেই অবন্দিত নায়কসকলৰ বিষয়ে চৰ্চা বহুদিন আগতেই হ'ব লাগিছিল৷ কিছু পলমকৈ হ'লেও চৰকাৰৰ উদ্যোগত এই বিষয়ে আলোচনা হ'বলৈ ধৰাতো অতি ভাল কথা হৈছে৷'

আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত 'স্বাধীনতা আন্দোলনৰ ধুুবুৰী জিলাৰ অবন্দিত নায়কসকল' শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰৰ দ্বিতীয়খন সত্ৰ সঞ্চালনা কৰি দিয়া ভাষণত এইদৰে কয় প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই৷

ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আলোচনাচক্ৰখন উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত দাসে কয়, 'স্বাধীনতা সংগ্ৰামত ভাগ লোৱা লোকসকল আমাৰ মাজৰেই কাৰোবাৰ পিতৃ, ককা বা আজোককা৷ দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰা সেই নায়কসকলৰ বিষয়ে চৰ্চা কৰাতো প্ৰতিজন দেশবাসীৰে কৰ্তব্য৷'

উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা মুলতুফা বেগমে৷ স্বাধীনতা সংগ্ৰামী পৰেশ দাসক উদ্বোধনী অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়৷ উপস্থিত শিক্ষাৰ্থী আৰু ৰাইজক উদেশ্যি দাসে কয়-'দেশভক্তি খুব দৰকাৰ৷ দেশভক্তি নাথাকিলে আমি বহুত পিছপৰি যাব লাগিব৷'

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে ভাষণ দিয়ে ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হকে৷ উদ্বোধনী অনুষ্ঠানতে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ হবিবৰ ৰহমানে এটা দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে৷

আলোচনাচক্ৰৰ প্ৰথম সত্ৰৰ সঞ্চালনা কৰে ভোলানাথ কলেজৰ সহযোগী অধ্যাপক সুদৰ্শন ৰয়ে৷ প্ৰথম সত্ৰত গৱেষণা পত্ৰ পাঠ কৰে ধুবুৰী ছেৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আক্ৰামুজ জামান সৰকাৰ আৰু মহাবিদ্যালয়খনৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী বনশ্ৰী দেৱীয়ে৷

সঞ্চালকৰ ভাষণত সুদৰ্শন ৰায়ে কয়, 'বহু স্বাধীনতা সংগ্ৰামীয়ে ইতিহাসৰ পাতত ঠাই পোৱা নাই৷ তেওঁলোকৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই৷ কিন্তু তেওঁলোক আমাৰ হৃদয়ত আছে৷

আজিৰ আলোচনাচক্ৰই অবন্দিত নায়কসকলক জনাৰ এক নতুন যাত্ৰাৰ আৰম্ভ কৰিলে৷' আলোচনাচক্ৰখনৰ দ্বিতীয় সত্ৰত সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই৷ এই সত্ৰত ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী ক্ৰমে ৰিয়া কুণ্ডু আৰু জেছমিনা খাতুনে গৱেষণা পত্ৰ পাঠ কৰে৷

অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰিন্দ্ৰ নাথ গোস্বামীয়ে 'স্বাধীনতা সংগ্ৰামত ধুবুৰী জিলাৰ অৱদান শীৰ্ষক বিষয়ত লিখা এটা তথ্যসমৃদ্ধ প্ৰৱন্ধ সহযোগী অধ্যাপক সুদৰ্শন ৰায়ে এই সত্ৰতে পাঠ কৰে৷ আলেচনাচক্ৰখনত স্বাধীনতা সংগ্ৰামী প্ৰয়াত আব্দুৰ ৰছিদ আল ফাৰুকৰ নাতি আব্দুল নাছেৰ আল ফাৰুক, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ক্ৰমে মনোজ কুমাৰ ঝা, ৰেজাউল ইছলাম সৰকাৰেও ভাষণ দিয়ে৷ মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু শতাধিক ছাত্ৰী আলোচনাচক্ৰখনত উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in