কমলপুৰত বীজ বিতৰণ সভাৰ আয়োজন

কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত সোমবাৰে কমলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কৃষক ৰাইজৰ সুবিধাৰ্থে শস্যৰ বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
কমলপুৰত বীজ বিতৰণ সভাৰ আয়োজন

ডিজিটেল সংবাদ,কমলপুৰ: কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত সোমবাৰে কমলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কৃষক ৰাইজৰ সুবিধাৰ্থে শস্যৰ বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিজেপিৰ কমলপুৰ মণ্ডলৰ সভাপতি কুমুদ কাকতিয়ে সভাপতিত্ব কৰা সভাখনত ৰাইজক উৎসাহিত কৰিবলৈ বিভিন্ন সফল কৃষকৰ উদাহৰণ দিয়াৰ লগতে তেওঁ নিজে কৰা নেমুৰ খেতি আৰু অগৰুৰ খেতিৰ কথাও উল্লেখ কৰে।

তদুপৰি মহকুমা কৃষি বিষয়া প্ৰবীণ মেধি ডাঙৰীয়াই ৰাইজক কৃষি বিভাগৰ বিভিন্ন আচঁনি‌ সম্পৰ্কে বিতংকৈ ব্যাখ্যা কৰে। লগতে তেওঁ কৃষকসকলক উদ্দেশ্যি নতুন বীজৰ সৰিয়হ, মাকৈ ইত্যাদিৰ খেতি কেনেদৰে কৰিব সেই সম্পৰ্কেও বৰ্ণনা কৰে। উক্ত সভাত প্ৰায় ৩৫ খন পথাৰ পৰিচালনা সমিতিক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান,‌ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা তথা আই চি এ আৰ- ডি আৰ এম আৰ আঁচনিৰ অধীনত সৰিয়হ, মাকৈ,ৰাজমাহ ইত্যাদিৰ বীজ মহকুমা কৃষি বিষয়া প্ৰবীণ মেধি, বিজেপিৰ কমলপুৰ মণ্ডলৰ সভাপতি কুমুদ কাকতি, বিজেপিৰ কমলপুৰ মণ্ডলৰ উপ-সভাপতি ৰমেশ শইকীয়া তথা কৃষি উন্নয়ন বিষয়া কুলেন্দ্ৰ ডেকাই বিতৰণ কৰে।

সভাত আত্মাৰ কমলপুৰ ব্লকৰ বি টি এম ড° ললিতা দেৱী, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জিলা সমন্বয়ক মঃ মহৰুদ্দিন আহমেদ, গ্ৰাম সেৱক কুমুদ শৰ্মা, কৃষি সম্প্ৰসাৰণ বিষয়া পুলক শৰ্মা, মুকুট শৰ্মা আৰু খলিল আলিকে আদি কৰি বিভিন্ন বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী: বাৰটাকৈ আধাৰশিলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in