সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী: বাৰটাকৈ আধাৰশিলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

ধনশিৰি মহকুমাৰ দৈয়াং-ধনশিৰি উপত্যকাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, ১৯৭০ চনৰ ১৪ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা সৰুপথাৰ মহাবিদ্যালয়ৰ সোমবাৰে সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি কৰা হয় ৷
সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী: বাৰটাকৈ আধাৰশিলা স্থাপন  বিধায়ক বিশ্বজিৎ ফুকনৰ

ডিজিটেল সংবাদ, উৰিয়ামঘাট; ধনশিৰি মহকুমাৰ দৈয়াং-ধনশিৰি উপত্যকাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, ১৯৭০ চনৰ ১৪ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা সৰুপথাৰ মহাবিদ্যালয়ৰ সোমবাৰে সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি কৰা হয় ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ ফুকনৰ লগতে প্ৰাক্তন অধ্যক্ষ, শুভাকাংক্ষীকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰ্বমুঠ ৫২খন পতাকা উত্তোলন কৰা হয় ৷

খোল-তাল, শংখ-উৰুলিৰ ধ্বনিৰে মুখৰিত এক মাঙ্গলিক পৰিবেশৰ মাজত পতাকা উত্তোলন কৰা হয় ৷ উল্লেখযোগ্য যে সোণালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সহযোগত এখন সদৌ অসম ভিত্তিত এক কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ৷ লগতে মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ উন্নয়ন মূলক আচঁনিৰ মুঠ বাৰটাকৈ আধাৰশিলা স্থাপন কৰে বিধায়ক বিশ্বজিৎ ফুকনে ।

আৰু পঢ়ক: বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ বাবে কেন্দ্ৰই কি পদক্ষেপ গ্ৰহণ কৰিছে? উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in