/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ef250b56-8ce6-480f-9cd2-c81aee9f8c9c/kokrajhar.jpg)
কোকৰাঝাৰৰ সাহিত্য উৎসৱৰ দ্বিতীয় দিনা উচৱমুখৰ পৰিবেশ...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ আজি দ্বিতীয় দিনা দেশ বিদেশৰ তিনি শতাধিক কবি - সাহিত্যিকৰ অংশগ্ৰহণেৰে উখল মাখল হৈ পৰে বডোফা সাংস্কৃতিক ক্ষেত্ৰ ৷
আজি দ্বিতীয়দিনা ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা সাহিত্য আলোচনা আৰু ভিন্ন ভাষী কবিৰ কবিতা পাঠেৰে মুখৰিত হৈ পৰে বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদ। আজিৰ স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানত অন্যতম কনিষ্ঠ কবি ৰূপে আমন্ত্ৰিত হোৱা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ঋষভ বশিষ্ঠ (চিফুং)ৰ কবিতা পাঠে উপস্থিত কবি সাহিত্যিকক সন্মোহিত কৰি তোলে ৷
বিভিন্ন ঠাইৰ কবি-সাহিত্যিকসকলে ঋষভক আশীৰ্বাদ প্ৰদান কৰি মৰমসনা মাতেৰে মত বিনিময় কৰা পৰিলক্ষিত হয় ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অশ্বিনী বৰগয়াৰী পৰিচালনা কৰা কবি সন্মিলনত পাঞ্জাৱী কবি হৰমনগীল কৌৰ ৰান্ধাওৱা, বড়োৰ সাইখং বসুমতাৰী,বাংচাৰ ৰায়মন্দ বাংচাৰ,বড়োৰ সুদীপ্তা নাৰ্জাৰী, অসমীয়াৰ পথিক ৰাভা আৰু ঋষভ বশিষ্ঠ(চিফুং) লংবীৰ টেৰৎ কাৰ্বি,প্ৰসেন দাওলাগপু ডিমাচা আৰু কোচৰ মনিলাল কোচে স্বৰচিত কবিতা আবৃত্তি কৰে ৷
ক্লিক কৰি পঢ়কঃ BCCI ৰ পৰীক্ষা ! অসমৰো আছে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সক্ষমতা...