ডিজিটেল সংবাদ, ধেমাজিঃ জিলাখনৰ কৃষক সকলক এখন পোনপটীয়া বজাৰ উপলব্ধ কৰোৱাৰ লগতে আধুনিক কৃষি প্ৰযুক্তিৰ সৈতে চিনাকী কৰোৱাৰ উপৰিও চৰকাৰৰ সুবিধা আৰু আঁচনি সমূহৰ বিষয়ে অৱগত কৰা উদ্দেশ্যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা "আত্মনিৰ্ভৰ ধেমাজি”ৰ শনিবাৰে দ্বিতীয় দিনৰ কাৰ্য্যসূচীৰ সফল সামৰণি পৰে ৷ পুৱা ১১.৩০ৰ ১.৩০ বজালৈকে “ জিলাখনৰ মীন খণ্ডৰ বহনক্ষম উৎপাদনেৰে কৃষকৰ আয় বৃদ্ধি পথ দৰ্শন ” বিষয় বস্তু কেন্দ্ৰ কৰি পাম পৰিকল্পনা, স্হান নিবাৰ্চন আৰু একত্ৰীকৰণ সমন্বিত মীন পালন পদ্ধতিৰ ব্যৱস্থাপনা, থলুৱা মাছৰ প্ৰজনন, প্ৰতিপালন আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বহলভাৱে আলোচনা চক্ৰ অনুষ্ঠিত হয়৷
অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান দিৰপাই চাপৰি গোগামুখৰ ড°দীপজ্যোতি বৰুৱা, বিশ্বনাথ চাৰিআলি মহাবাহু মীন পামৰ উদ্যোগী মীন পালক অনুপ শৰ্মা, লখিমপুৰ জিলাৰ অগ্ৰনী মীন পালক বিকুল গোস্বামী , গোগামুখৰ কৃষি উদ্যোগী আৰু প্ৰগতিশীল মীন পালক গিৰিজা প্ৰসাদ দলে আৰু মৰিধলৰ কৃষি উদ্যোগী আৰু প্ৰগতিশীল পশুধন ও মীন পালক জিতু গগৈয়ে ৷
বিয়লি ২ পৰা ৪ বজালৈকে পৰ্যটনৰ সম্ভাৱনীয়তাৰে ধেমাজি দৰ্শন বিষয় বস্তুৰ কেন্দ্ৰ কৰি বহলভাৱে এখনি আলোচনা চক্ৰৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে গুৱাহাটীৰ ইষ্টাৰ্ণ আইকনিক ট'কছ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰ , কাইট মানজাৰ সঞ্চালক জ্ঞানদীপ বৰগোহাঁইয়ে৷ ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগে আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তি দ্বয়ে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ঠাইত গঢ়লৈ উঠা পৰ্যটনৰ বিষয় সম্পৰ্কত গুৰুত্বপূৰ্ণ দিশ সমূহৰ বিষয়ে পৰ্য্যালোচনা কৰে ৷ অনুষ্ঠানত “আত্মনিৰ্ভৰ ধেমাজি”ৰ মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থকা ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উপস্থিত থাকি ধেমাজি জিলাখনৰ পৰ্য্টনৰ সম্ভাৱনীয়তা বিষয়ে গুৰুত্বপূৰ্ণ দিশ সমূহ উল্লেখ কৰে ৷
বক্তব্যত মন্ত্ৰীগৰাকীয়ে ধেমাজি জিলা প্ৰশাসন আৰু আত্মনিৰ্ভৰ ধেমাজিয়ে ইয়াৰ কাৰনে পাঁচখন পৰ্য্যটনৰ সম্ভাৱনীয় গাঁও তিনি মাহৰ ভিতৰত বাঁচনি কৰিব বাবে ৰাইজক অনুৰোধ জনায় ৷ উক্ত নিবাৰ্চন কৰিব লগীয়া পাঁচখন গাঁও সম্পূৰ্ণ পলিথিন মুক্ত হোৱা লগতে পৰিষ্কাৰো হ'ব লাগিব বুলি কয় পেগুৱে । ইয়াৰ বাবে প্ৰতিখন গাঁও উন্নয়নৰ কাৰনে বিধায়ক অথবা সাংসদ পুঁজিৰ পৰা ১০ লাখকৈ ধন আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰে ৷