ডিজিটেল ডেস্কঃ কথামতেই কাম হিণ্ডেনবার্গৰ। ভাৰত সম্পর্কে নতুন কেলেংকাৰীৰ তথ্যৰ বিস্ফোৰণ ঘটাব বুলি শনিবাৰে ইংগিত দিয়াৰ কেইঘণ্টামানৰ পিচতে সঁচাকৈ বিস্ফোৰণ ঘটালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক বিশ্লেষক সংস্থা হিণ্ডেনবার্গ ৰিছার্চে।
এইবাৰ হিণ্ডেনবার্গে কেলেংকাৰী প্ৰকাশ কৰিছে ভাৰতৰ বিত্তীয় নিয়ন্ত্রক সংস্থা ছেবিৰ মুৰব্বী মাধৱী পুৰী বুছৰ বিৰুদ্ধে। হিণ্ডেনবাৰ্গৰ মতে আদানিৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰিছিল। উল্লেখনীয় যে যোৱা বছৰ হিণ্ডেনবার্গে গুজৰাটী উদ্যোগপতি, নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ গৌতম আদানিয়ে বিভিন্ন কোম্পানীয়ে ভুৱা তথ্যৰে শ্বেয়াৰৰ উচ্চ মূল্যত বিক্ৰী কৰি ধন আহৰণৰ কেলেংকাৰী পোহৰলৈ আনিছিল।
শনিবাৰে হিণ্ডেনবার্গে প্রকাশ কৰা তথ্যমতে মাধৱী পুৰী বুছ আৰু তেওঁৰ স্বামীয়ে আদানিৰ বার্মুদা আৰু মৰিছাছৰ কোম্পানীসমূহত ধন বিনিয়োগ কৰিছিল। এই কোম্পানীসমূহৰ গৰাকী কৰা হৈছিল গৌতম আদানিৰ ভাতৃ বিনোদ আদানিক। মাধৱীয়ে ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে আদানিৰ কোম্পানীসমূহৰ সুযোগ লোৱাৰ সময়ত তেওঁ আছিল 'ছেবি'ৰ সদস্য। ২০২২ চনত মাধবী যেতিয়া 'ছেবি'ৰ অধ্যক্ষা নিযুক্ত হ'ল, তেতিয়া তেওঁ ব্যক্তিগত লেনদেন তথা নিজৰ বিনিয়োগ বা শ্বেয়াৰসমূহ অতি কৌশলেৰে স্বামীৰ নামলৈ স্থানান্তৰ কৰিছিল। কিন্তু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ এই অভিযোগ নাকচ কৰিছে ছেবিৰ অধ্যক্ষগৰাকীয়ে।
যোৱা বছৰ হিণ্ডেনবাৰ্গৰ বিস্ফোৰণ বা আদানিৰ শ্বেয়াৰ বজাৰৰ কেলেংকাৰী প্ৰকাশ পোৱাৰ পিচত মাধৱী পুৰী বুছে এই কেলেংকাৰীৰ বিৰুদ্ধে বা আদানিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা নাছিল। দেশৰ বিত্তীয় অনিয়ম নিয়ন্ত্ৰণ কৰাৰ দায়িত্বত থকা মুৰব্বীয়েই আর্থিক লাভৰ লোভত কেলেংকাৰীক প্রশ্রয় দিয়া কাণ্ডক হিণ্ডেনবার্গে পোহৰলৈ আনি দেশৰ বিত্তীয় দুর্নীতিৰ আন এটা অন্ধকাৰ দিশ উদঙাই দিছে।