/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/jb8lhr3n/3.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰৰ বিশিষ্ট সাহিত্যকৰ্মী তথা পশু চিকিৎসক ডাঃ ঘনকান্ত দলেলৈ জনগোষ্টীয় গৱেষণা,সাহিত্য চৰ্চা আৰু জীৱন জীৱিকাৰ ওপৰত আগবঢ়োৱা অৱদানৰ বাবে "প্ৰফেচৰ ইন প্ৰেকটিচ" (Professor in Practice) উপাধি প্ৰদান কৰিলে মণিপুৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ে। যোৱা ১০ আগষ্টত মালিগাঁৱস্থিত আদিগীৰি সেৱা আশ্ৰমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত জড়িত ১৭জন বিশিষ্ট লোকৰ লগতে ডাঃ দলেক এই সন্মান প্ৰদান কৰে বিশ্ববিদ্যালয়খনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/odn3n3ed/38010e50-bee8-433e-820b-7d38dea5e286.jpg)
মালিগাঁৱত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মণিপুৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডঃ হৰি কুমাৰ পাল্লাডকাই, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ স্মৃতিকুমাৰ সিনহা, পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীন ডঃ বিবেকানন্দ শইকীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/q3wxikpt/8245fb3d-a9d6-4938-ad9b-0e38a8684986.jpg)
ডাঃ ঘনকান্ত দলেই বৰ্তমান ধেমাজি জিলাৰ ৰাজ্যিক পশু চিকিৎসালয়ত পশু চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তদুপৰি চাকৰিৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে সাহিত্য সেৱা। লোকজনে দীৰ্ঘদিনে সাহিত্যৰ ক্ষেত্ৰখনত জৰিত থকাৰ লগতে প্ৰকাশ কৰি উলিয়াইছে মিচিং,ইংৰাজী আৰু অসমীয়া ভাষাৰ বহু গ্ৰন্থ। চিলাপথাৰ মিচিং গাঁও নিবাসী বিশিষ্ট ব্যক্তিজনৰ এই সন্মান প্ৰাপ্তিত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানে আনন্দ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।
Also Read: বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক প্ৰকাশ...