১০০% উত্তীৰ্ণৰে উজ্বলিল ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুল...

১০০% উত্তীৰ্ণৰে উজ্বলিল ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুল...

author-image
Asomiya Pratidin
New Update
১০০% উত্তীৰ্ণৰে উজ্বলিল ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুল...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ নকুলস্থিত চাৰ্ছ পাব্লিক বিদ্যালয়খন পুনৰ কৃতিত্বৰ আলোকেৰে উজলি উঠিল। মেধাত্ব আৰু কৃতিত্বৰ গৰিমাৰ বিজয় ধ্বজা উৰুৱাই পুনৰ ১০০শতাংশ উত্তীৰ্ণৰ গৌৰৱেৰে গৌৰবান্বিত হ'ল শিক্ষানুষ্ঠানখন।

Advertisment

সদ্য ঘোষিত চি বি এচ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি চাৰ্ছ পাব্লিক স্কুলে ১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। উল্লেখ্য যে ৰঙিয়া মহকুমাৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ পৰা ইপিনে বিদ্যালয়খনৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ১১৯গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

তাৰ ভিতৰত ৰঙিয়া মহকুমাৰ ভিতৰত প্ৰথম স্থান নিৰঞ্জাৰ দাস ৯৭%, ২য় বৃষ্টিতী তালুকদাৰ ৯৬.৬% আৰু গণিতত ১০০ মাৰ্ক লাভ কৰাৰ লগতে ৩য় ৰিতুপৰ্ণা শৰ্মাই ৯৫.৮% লাভ কৰে ।

বিদ্যালয়খনৰ এনে আশাব্যঞ্জক ফলাফলত বিদ্যালয়ৰ পৰিচালন সঞ্চালক, শিক্ষক-কৰ্মচাৰী, পৰিচালনা সমিতি আৰু অভিভাৱক সমাজ উৎফুল্লিত হৈ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

বিদ্যালয়খনৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত সকলোৱেই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয় পৰিয়ালে উষ্ণ আদৰণি জনাই। বিদ্যালয়খনৰ অধ্যক্ষ সন্দীপ সেনে এনে সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি জ্ঞানৰ জ্যোতিৰে সগৌৰৱে আগুৱাই যোৱাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অতুল্য অৱদানৰ শলাগ লয়।

ইফালে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ বিজ্ঞান শাখাত মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিবলৈ বিনামূলীয়াকৈ নতুনকৈ বিদ্যালয়খনত সংযোজিত হৈছে। অভিজ্ঞ ব্যক্তিৰ দ্বাৰা এই পাঠ্যক্ৰমৰ সুবিধা শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব। দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত আটাইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়। আনহাতে ৰঙিয়াৰ ফাটেমা কনভেণ্ট স্কুলৰ চিবি এছ চিৰ ফলাফলত সুখ্যাতিৰে শিক্ষাৰ্থীসকলে উত্তীৰ্ণ হয় ।

Also Read: বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ 'জীৱন জ্যোতি' সংগঠনৰ প্ৰথম বার্ষিক অনুষ্ঠান...

rangia AHSEC