/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7ae6a7c6-2c1d-4e96-83c8-1b22208d6b96/8.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ নেমকেয়াৰ হাস্পতালৰ ন্যাস- বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে যোৱা দুটা দশকত কেইবা হাজাৰো ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত সম্পূৰ্ণ নিৰাময় কৰি পুনৰ সংস্থাপন কৰিবলৈ সক্ষম হৈছে। সেইসকল নিৰাময়ী লোকক পিছে সময়ে সময়ে কিছু পৰামৰ্শৰ আৱশ্যক হয়। তদুপৰি তেওঁলোকে একেলগ হ'ব পাৰিলে ইজনে সিজনৰ পৰাও শিকি জীৱন যাত্ৰাত থকা অসুবিধাবোৰ সুকলমে সমাধান কৰিবলৈও সুবিধা পায়।
সেয়েহে এনে লোকসকলৰ সহজ মিলা-মিচা আৰু পাৰস্পৰিক ভাৱ আদান প্ৰদানৰ সুবিধা দিবলৈ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে 'জীৱন জ্যোতি” নামৰ এটা সংগঠনৰ জন্ম দিছিল ৭ মে' ২০২৩তাৰিখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/91b23d98-ea45-4d65-9273-07c8e1c753ab/8ef85f9d-3b5f-4988-a505-866733b17fb0.jpg)
'জীবন জ্যোতি"ৰ প্ৰথম বার্ষিক অনুষ্ঠান অহা ১৯ মে' দেওবাৰে আবেলি ৩বজাত, স্থানীয় উজান বজাৰ-স্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্য আৰু সম্মানীয় অতিথি হিচাপে উপস্থিত থাকিব যথাক্রমে অসমীয়া প্রতিদিন কাকতৰ সহযোগী সম্পাদক শ্রী প্রকাশ মহন্ত আৰু অসমীয়া কথাছবিৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীতজ্ঞ শ্রীমতী নমিতা ভট্টাচার্য।
অনুস্থানত অগ্নিদগ্ধ হৈ নিৰাময় লাভ কৰা সকলে আৰু লগতে নেমকেয়াৰ বাৰ্ণ ইউনিটৰ চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কর্মী সকলে এক সাংস্কৃতিক কার্যসূচীও ৰূপায়ন কৰিব।
Also Read: ৰঙিয়াৰ বৈদ্যগড়ত কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ...