/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b9e0a0c0-d28d-4fdf-ab33-f64b2de4f939/dhokuakhana_06.jpg)
চাকৰি কৰি থাকোতেই চাকৰি গ'ল ঢকুৱাখনাৰ বিজ্ঞান শিক্ষকৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী দুৰ্ভগীয়া বিজ্ঞান শিক্ষক। নাম ভূপেন দিহিঙীয়া । ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত বৰবাৰী কনেং ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক হিচাবে নিযুক্ত আৰু কৰ্মৰত হৈ থকা এইগৰাকী নিষ্ঠাবান শিক্ষকৰ জীৱনলৈ ধুমুহা নামি আনিছে শিক্ষা বিভাগৰ এখন পত্ৰই।
লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কার্যালয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশৰ উদ্ধৃতিৰে যোৱা ২০২২ বর্ষৰ ১৪ ডিচেম্বৰত প্ৰেৰণ কৰা নিৰ্দেশনাটোত বৰবাৰী কনেং মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক ভূপেন দিহিঙীয়াক চাকৰিৰ পৰা অকস্মাতে অব্যাহতি দিয়া হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকৰ ২০২২ চনৰ ১০ নৱেম্বৰৰ নিৰ্দেশনা নং ডব্লিউ পি ডি/১১/২০৯/২০২২/১১-এ নম্বৰ যোগে জাৰি কৰা নিৰ্দেশ অনুসৰি বিদ্যালয়খনত বিজ্ঞান বিষয়ৰ টিউটৰ শিক্ষক হিচাবে কৰ্মৰত শিক্ষক দিহিঙীয়াক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/66d7c4c3-aa31-455d-9444-161248ab31d4/cb8ffb29_3c31_484b_8aaf_f74fee180152.jpg)
বিগত প্ৰায় ২৮ বছৰ ধৰি বেচৰকাৰী খণ্ডৰ মধ্য ইংৰাজী বিদ্যালয়খন স্থাপন কৰি গুণগত শিক্ষাৰে মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান আগবঢ়াই অহা এইগৰাকী শিক্ষাগুৰুৰ পদ ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকীকৰণ কৰি বিজ্ঞান টিউটিৰ শিক্ষক হিচাবে নিযুক্তি দিছিল প্ৰাথমিক শিক্ষা বিভাগে । সেই অনুসৰি দিহিঙীয়াই ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মাহিলি বেতনো লাভ কৰি শিক্ষকতা অব্যাহত ৰাখিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/21f1abff-f38f-4abc-b6e6-2b8868b8f791/f47f89df_2907_47ea_b919_590b7da8e8ce.jpg)
কিন্তু যোৱা ২০২২ চনৰ ২৩ ডিচেম্বৰত শিক্ষা বিভাগে উক্ত শিক্ষকগৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়াত এতিয়া হাঁহাকাৰ লাগিছে শিক্ষকগৰাকীৰ লগতে দিহিঙীয়াৰ পৰিয়ালত। জীৱনৰ অৰ্ধেক কাল বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি অন্তিম সময়ত চৰকাৰী বেতন ভোগ কৰাৰ সময় আহোতেই ,চাকৰি কৰি থাকোতেই চাকৰি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা দুৰ্ভগীয়া দিহিঙীয়াই জনোৱা মতে এগৰাকী কনিষ্ঠ ভাষা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ স্বাৰ্থত প্ৰাথমিক শিক্ষা বিভাগে বিজ্ঞান শিক্ষকৰ পদৰ গ্ৰহণ যোগ্যতা থকাৰ স্বত্বেও তাক অস্বীকাৰ কৰি দিহিঙীয়াক চাকৰিৰ পৰা অব্যাহতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ea628afb-a5f6-493f-9dce-ef5f41d5b36d/af08ec4e_eff3_4f64_96f8_3dd6b9ee697d.jpg)
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰদান কৰা নিযুক্তিৰ নিৰ্দেশৰ ভিত্তিতে বিগত সুদীর্ঘ মাহ চৰকাৰী সেৱা আগবঢ়াই বেতন পৰ্যন্ত ভোগ কৰি পৰৱৰ্তী সময়ত সঞ্চালকালয়ৰে নিৰ্দেশৰ ভিত্তিত চাকৰিৰ পৰা অব্যাহতি পৰ্যন্ত দিয়া ক্ৰুটিপূৰ্ণ আৰু অমানৱীয় পদক্ষেপৰ বিৰুদ্ধে ভুক্তভোগী শিক্ষক গৰাকীয়ে ন্যায় বিচাৰি আদালতৰ শৰণপন্ন হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3cdaa3ea-5dc3-4a36-9587-b3bc3d95a8b8/ed31af17_3fc6_44ee_b33b_65050c62c327.jpg)
ক্লিক কৰি পঢ়কঃ ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণেৰে গণৰাজ্য দিৱস পালনৰ পৰামৰ্শ...