ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণেৰে গণৰাজ্য দিৱস পালনৰ পৰামৰ্শ...

ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণেৰে গণৰাজ্য দিৱস পালনৰ পৰামৰ্শ...
ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণেৰে গণৰাজ্য দিৱস পালনৰ পৰামৰ্শ...

ডিজিটেল সংবাদ ধুবুৰীঃ সমাগত গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত দিবাকৰ নাথৰ পৌৰহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হয় আৰু বিভিন্ন বিভাগৰ মাজত দায়িত্বসমূহ ভগাই দিয়া হয়৷

বৈঠকৰ সিদ্ধান্তমৰ্মে ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত গণৰাজ্য দিৱসৰ জিলা ভিত্তিক কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব৷ মুখ্য অতিথিয়ে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব৷

ইয়াৰ পূৰ্বে ধুবুৰী টাউনত থকা জনসংযোগৰ স্থায়ী অনুভাষ যন্ত্ৰ যোগে পুৱা ৫.৩০ বজাৰ পৰা আধা ঘন্টাৰ বাবে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰা হ'ব৷ পুৱা ৬ বজাত জনসংযোগৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত প্ৰভাত ফেৰী উলিওৱা হ'ব৷

পুৱা ৭ বজাত ৰাইজে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব৷ পুৱা ৭.৩০ বজাত ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পনেৰে স্বাধীনতা সংগ্ৰামৰ ছহিদসকললৈ শ্ৰদ্ধা জনোৱা হ'ব৷ পুৱা ৮ বজাত সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব৷

ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বিশিষ্ট অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে ধুবুৰী পৌৰসভা সহিতে কেবাটাও বিভাগে বিভিন্ন চৰকাৰী পদক্ষেপক বিষয়বস্তু হিচাপে লৈ প্ৰতীকপট উলিয়াব৷ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনেৰে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব৷

গণৰাজ্য দিৱসৰ কাৰ্যসূচীতে বিভিন্ন বিভাগত নিষ্ঠা আৰু সততাৰে কাম কৰি থকা কেবাজনো কৰ্মচাৰীক সম্বৰ্দ্ধনা জনোৱা হ'ব৷ জিলা উপায়ুক্ত দিবাকৰ নাথে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰতে গণৰাজ্য দিৱসৰ উদযাপন সামৰি থোৱাৰ পৰিৱৰ্তে তৃণমূল পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণেৰে বিভিন্ন কাৰ্যসূচী ল'বলৈ বিভাগসমূহক পৰামৰ্শ দিয়ে৷

প্ৰতিটো বিভাগৰ চৌহদত বৃক্ষৰোপন কৰিবলৈ, চৰকাৰী আঁচনিৰ বিষয়ে ৰাইজৰ মাজত বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ, চৰকাৰী সেৱাক ৰাইজৰ কাষ চপাই নিয়াৰ বাবে বিশেষ শিবিৰ অনুষ্ঠিত কৰিবলৈ, পৌৰসভাসমূহক গণৰাজ্য দিৱসৰ দুদিন আগৰে পৰা বিশেষ স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তই পৰামৰ্শ দিয়ে৷

গণৰাজ্য দিৱস উপলক্ষে ধুুবুৰী জিলাৰ বিভিন্ন স্থানত থকা বিশিষ্ট ব্যক্তিসকলৰ আৱক্ষ মূৰ্তিসমূহ পৰিস্কাৰ কৰিবলৈ জিলা উপায়ুক্তই ৰাজহ চক্ৰ বিষয়া আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিয়ে৷ বৈঠকত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷

ক্লিক কৰি পঢ়কঃ বাঁহীবাদক দীপক শৰ্মা গুৰুতৰ ভাৱে অসুস্থঃ বিকল হৈ পৰিছে দেহৰ কেইবাটাও অংগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in