ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী আই আই টিত বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন...

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী আই আই টিত বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন...

ডিজিটেল ডেস্কঃ ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত জিলা আৰু ৰাজ্যভিত্তিক বিজ্ঞান প্ৰদৰ্শনী। চলিত বৰ্ষৰে অহা ৬ আৰু ৭ জুলাইত গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত হব এই প্ৰদৰ্শনী। ইতিমধ্যে ইলোৰা বিজ্ঞান মঞ্চই এই প্ৰদৰ্শনীৰ নিয়মাৱলীসমূহ ৰাজহুৱা কৰিছে। দুটা বিভাগত অনুষ্ঠিত হব এই প্ৰদৰ্শনী।

ক শাখাত অংশ লব পাৰিব অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আৰু খ শাখাত অংশ লব পাৰিব একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ লৈকে। প্ৰতিটো দলত দুজনকৈ ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব। জিলাৰ নিৰ্বাচিত দল ৰাজ্যিক প্ৰদৰ্শনীত ভাগ লব পাৰিব। ৰাজ্যিক প্ৰদৰ্শনীৰ থকা-খোৱা আৰু অহা-যোৱাৰ সকলো ব্যৱস্থা কৰিব মঞ্চই।

প্ৰকল্প আৰ্হি পোষ্টাৰৰ কোনো নিৰ্দিষ্ট বিষয়বস্তু নাই। কৃষি, পৰিবহণ আৰু যোগাযোগ, স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা, শিক্ষা, পৰিৱেশ, সম্পদ সংৰক্ষণ, বহনক্ষম উন্নয়ন বা বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ সৈতে জড়িত যিকোনো বিষয়ত প্ৰকল্প তৈয়াৰ কৰিব পাৰে।এই প্ৰদৰ্শনীত অংশ লোৱাৰ বাবে কোনো পঞ্জীয়ন মাচুল নাই। অধিক তথ্যৰ বাবে www.elloravigyan.inত ইচ্ছুক সকলে খুলি চাব পাৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী আই আই টিত বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন...
ফাদিল নহ'ল মুনমী দুৱৰাৰ মৃত্যুৰ ৰহস্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in