/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c354d9e8-be7f-41fc-8e75-44b8b34d3a9c/3.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ চহৰৰ পুৰণা আমোলাপট্টি (গণকপট্টি) ৰ এটা আবাসগৃহত এগৰাকী উচ্চ শিক্ষিতা যুৱতী তথা অসম চৰকাৰৰ এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ ৰহস্য এই পৰ্যন্ত ফাদিল হোৱা নাই ৷
এক ৰহস্যজনক পৰিবেশত ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল যুৱতী গৰাকীৰ মৃতদেহ। অসম চৰকাৰৰ চাকৰিয়াল তথা উচ্চ শিক্ষিতা যুৱতীগৰাকী আছিল চাৰিং দুৱৰাপাৰৰ নিৱাসী ধীৰেণ দুৱৰাৰ কন্যা মুনমী দুৱৰা।
উল্লেখ্য যে ২৭ মে’ৰ নিশা গণকপট্টিৰ ৫ নং বাইলেনৰ নন্দন শইকীয়া নামৰ ব্যক্তি গৰাকীৰ বাসগৃহৰ এটা কোঠাত ৰহস্যজনক ভাবে মুনমীৰ মৃতদেহ চিপলৈ থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1843592b-4d3e-4121-9fc8-5ad1d2b13315/a6b5f29a-7b25-4a3c-8542-6b8ba594e8f0.jpg)
বাসগৃহৰ খাদ্য গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা কোঠাটোৰ পকী বেৰাৰ পৰা বাহিৰ হৈ থকা এটুকুৰা লোহাৰ ৰডত এখন কাপোৰেৰে ( দোপট্টাৰ) চিপ লোৱা মুনমীৰ মৃত্যুক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷ এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ইয়াক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। জানিব পৰা মতে, নন্দন শইকীয়াৰ ঘৰত থকা মুনমী সম্বন্ধত নন্দন শইকীয়াৰ খুলশালী।
নন্দন শইকীয়াৰ পৰিয়ালৰ সকলো লোক গুৱাহাটীত আছিল ৷ ২৭ মে’ৰ নিশা পৰিয়ালৰ লোকে মুনমীলৈ ফোন কৰিছিল যদিও তেওঁলোকৰ ফোন ৰিচিভ নকৰাৰ বাবে পৰিয়ালটোৰ লোকে ঘৰৰ চৌহদত থকা আন ভাড়াতীয়া লোকক মুনমীৰ খবৰ কৰিবলৈ অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2ba85f9d-cbcf-424a-986a-8e7e8646825e/f6ace20f-7817-4066-8f37-f42d13c78c53.jpg)
ভাড়াঘৰৰ লোকে মুনমীক চিঞৰে যদিও কোনো সঁহাৰি নোপোৱাত চিন্তিত হয় ৷ যিহেতু মুনমী থকা ঘৰটোৰ দুৱাৰ খিৰিকী বন্ধ হৈ আছিল ৷ ভাড়াঘৰৰ লোকে ঘৰটোৰ বাহিৰৰ পৰা এখন দুৱাৰ খুলি প্ৰৱেশ কৰাত মুনমীৰ মৃতদেহ প্ৰত্যক্ষ কৰি মুহূৰ্ততে বিষয়টো আৰক্ষীক অৱগত কৰে।
উল্লেখ্য যে অত্যন্ত মেধা গুণ সম্পন্ন মুনমী দুৱৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কিছুদিন ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম চৰকাৰ চাকৰিয়াল হিচাপে নিযুক্তি লাভ কৰে ৷
বৰ্তমান চৰাইদেউ জিলাৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত আছিল মুনমী। চাকৰি কৰাৰ সুবিধাৰ বাবে সোণাৰীত এটি ভাড়াঘৰ লৈ আছিল যদিও কিছুদিনৰ পৰা ভাড়াঘৰৰ পৰিৱৰ্তে ভিনিয়েক নন্দন শইকীয়াৰ ঘৰত আছিল যুৱতী গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8c4d6b1f-ede8-4fe6-a912-2461f14a70d9/1b66d975-a47e-4acf-a822-7826d1b0beeb.jpg)
খোৱা মেজত উঠি সহজতে চিলিং ফেনত চিপ লোৱাৰ সুবিধা থকাৰ পাছতো পকী বেৰাৰ এডাল সৰু ৰডত চিপ লোৱা, এখন ভৰি মাতিত থকা আৰু আনখন ভাঁজ হৈ চকীত উঠি থকা অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ জনসাধাৰণে প্ৰত্যক্ষ কৰে ৷
এয়া আত্মহত্যা নহয় হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। আনহাতে আচহুৱা ভাবে মুনমীৰ শৰীৰৰ বাওঁ অংশ কাপোৰত পকীবেৰাৰ চূণৰ দাগ আছে যদিও দেৱালৰ ফালে মুখ কৰি ওলমি থকা মুনমীৰ সমুখৰ অংশত কোনো দাগ নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f4c2993c-112d-46bc-bff7-38a1a5cf0c61/1b66d975-a47e-4acf-a822-7826d1b0beeb.jpg)
এটা হাফপেণ্ট পিন্ধি থকা মুনমীৰ ম'বাইল ফোনটো সেই সময়ত বিচনাত আছিল। ওখ-পাখ সুস্বাস্থ্যৰ মুনমীৰ মৃত্যুক প্ৰতক্ষ্যদৰ্শীয়ে সহজ ভাৱে লোৱা নাই। যুৱতী গৰাকীৰ কাপোৰত চূণৰ দাগ কৰ পৰা লাগিল এই ৰহস্য ফাদিল হোৱা নাই ৷ আনহাতে যুৱতী গৰাকীয়ে যদি আত্মহননৰ পথেই বাচি লৈছিল তেন্তে ইয়াৰ কাৰণ কি তাকলৈ প্ৰশ্ন উঠিছে ৷
Also Read: গুদামঘাটত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী