ড০ গীতাশ্ৰী তামুলীলৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সৎ সাহসিকাতৰ বঁটা ঘোষণা

দেওবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই 'সৎ সাহসিকতাৰ বঁটা'ৰ বাবে নিৰ্বাচিত কৰিছে ড° গীতাশ্ৰী তামুলীক ৷ অহা ১ মাৰ্চত শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল প্ৰাংগনত প্ৰদান কৰা হ’ব এই বঁটা।

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰৰ পুনেত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, শিৱসাগৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ পত্নী ড° গীতাশ্ৰী তামুলীৰ নিযুক্তিত অনিয়ম হোৱা বুলি বিধানসভাৰ মজিয়াত মন্তব্য কৰাৰ পিছত ড° গীতাশ্ৰী তামুলীয়ে এই সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে তদন্ত কৰাৰ প্ৰয়োজন নাই বুলি শেহতীয়াকৈ মন্তব্য কৰিছে ৷

Advertisment

এনে এক সময়তে দেওবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই 'সৎ সাহসিকতাৰ বঁটা'ৰ বাবে নিৰ্বাচিত কৰিছে ড° গীতাশ্ৰী তামুলীক ৷ অহা ১ মাৰ্চত শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল প্ৰাংগনত প্ৰদান কৰা হ’ব এই বঁটা। লগতে সন্থাই তদন্তৰ প্ৰয়োজন নাই বুলি কোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বাবেই ড° গীতাশ্ৰী তামুলীয়ে  নিকা ভাবমূৰ্তি প্ৰমাণ কৰিব পাৰিলে বুলি মন্তব্য প্ৰকাশ কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে । দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা সকলোৱে ড° গীতাশ্ৰী তামুলীৰ দৰে সৎ সাহসিকতাৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ বিৰুদ্ধে নিজেই তদন্ত আহ্বান কৰাৰ পোষকতা কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই ।

ইফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ অসম আৰক্ষী সেৱাৰ নিযুক্তি  সম্পূৰ্ণৰূপে নীতি বৰ্হিভূত আছিল আৰু এই নিযুক্তি প্ৰক্ৰিয়া তদন্তৰ আওঁতালৈ অনাৰ দাবী জনাই অনুসূচিত জাতি ছাত্ৰ সন্থাই ।

Dr. Himanta Biswa Sarma