পোহৰলৈ আহিছে SBI বিষয়া গুলেনুৰ হুছেইনৰ ধন আত্মসাতৰ ন ন তথ্য...

পোহৰলৈ আহিছে SBI বিষয়া গুলেনুৰ হুছেইনৰ ধন আত্মসাতৰ ন ন তথ্য...

author-image
Asomiya Pratidin
New Update
পোহৰলৈ আহিছে  SBI বিষয়া গুলেনুৰ হুছেইনৰ ধন আত্মসাতৰ ন ন তথ্য...

ডিজিটেল ডেস্কঃ এছ বি আইৰ বিষয়া গুলেনুৰ হুছেইনক ধন আত্মসাতৰ অভিযোগত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ধন হৰলুকীৰ ন ন তথ্য। অন্য বহু লোকৰ একাউণ্টৰ পৰাও ধন সৰকাইছিল এছ বি আই বিষয়া গুলেনু হুছেইনে। ধনৰ অধিকাংশই শ্বেয়াৰ মাৰ্কেটত ব্যৱহাৰ কৰিছিল বিষয়াজনে।

Advertisment

প্রায় ১২ টা একাউণ্টৰ পৰা ধন আত্মসাৎ কৰাৰ তথ্য আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে।উল্লেখযোগ্য যে অভিযুক্ত গুলেনুৰ হুছেইনৰ এক্সিছ বেংকতো একাউণ্ট আছে। এইপৰ্যন্ত আৰক্ষীয়ে ধন আত্মসাৎ কৰাত ব্যৱহাৰ কৰা ম’বাইল ফোনটো উদ্ধাৰ কৰিব পৰা নাই।

উল্লেখ্য যে গুলেনুৰ হুছেইনে প্ৰাক্তন ডিআই জি ভৱধৰ দত্তৰ অজ্ঞাতেই ২৬লাখ টকা ভিন্ন একাউণ্টলৈ ট্রান্সফাৰ কৰিছিল। এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ১৯জুনত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে বিষয়াজনক গ্রেপ্তাৰ কৰি তদন্ত আব্যাহত ৰাখিছে। জানিব পৰা মতে,বৰবাৰীৰ SBI শাখাৰ পৰিচালক আছিল গুলেনুৰ হুছেইন। বৰ্তমান হুছেইন দিছপুৰ SCAB শাখাৰ উপ প্রৱন্ধক হিচাপে কৰ্মৰত।

Also Read: পাটাছাৰকুছিত শিক্ষামূলক ভিডিঅ' প্ৰস্তুতকৰণৰ কৰ্মশালা...

sbi dispur