পাটাছাৰকুছিত শিক্ষামূলক ভিডিঅ' প্ৰস্তুতকৰণৰ কৰ্মশালা...

পাটাছাৰকুছিত শিক্ষামূলক ভিডিঅ' প্ৰস্তুতকৰণৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
পাটাছাৰকুছিত শিক্ষামূলক ভিডিঅ' প্ৰস্তুতকৰণৰ কৰ্মশালা...

ডিজিটেল সংবাদ, পাটাছাৰকুছি: অসম চৰকাৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতা, অসম বিজ্ঞান সমিতি উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাৰ সহযোগত সোমবাৰে স্থানীয় নির্মল হালৈ মহাবিদ্যালয়ত বিজ্ঞান প্ৰসাৰত ডিজিটেল মাধ্যমৰ প্ৰয়োগ” প্রকল্প (২০২৩-২৪)ৰ অধীনত শিক্ষামূলক ভিডিঅ' প্ৰস্তুতকৰণ বিষয়ত জিলা পৰ্যায়ৰ কৰ্মশালা এখন অনুষ্ঠিত হৈ যায়। কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নির্মল হালৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই।

বজালী আৰু বাক্স জিলাৰ ২৫গৰাকী প্রশিক্ষাৰ্থীয়ে ভাগ লোৱা এই কৰ্মশালাখনত শিক্ষক মৃগাংক বৰ্মন আৰু বিষয় শিক্ষক কুলজিত শালৈয়ে সমল ব্যক্তি হিচাপে ভাগ লয়। পাটাছাৰকুছি শাখাৰ যুটীয়া সম্পাদক মৃন্ময় শৰ্মা আৰু দ্বিজেন্দ্ৰ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সংগঠন আৰু শাখা সমন্বয় উপ সমিতিৰ যুটীয়া আহ্বায়ক আমিনুল হক উপস্থিত থাকে।

Also Read: গুৱাহাটী আলোচনা চক্ৰৰ ৮৩৩ সংখ্যক 'মেঘদূত' বৈঠক...

PATACHARKUCHI