/asomiyapratidin/media/media_files/2025/05/12/kSUVyrLogSLv2T5ClCRS.jpg)
বটদ্ৰৱাৰ শান্তিজানৰ তীৰত সতী ৰাধিকা উৎসৱ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ শান্তিজানৰ তীৰত অৱস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সোমবাৰে দিনজোৰাকৈ সন্মিলিত কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত সতী ৰাধিকা উৎসৱটি উদযাপন কৰা হৈছে। পুৱা স্বচ্ছতা অভিযান, গছপুলি ৰোপনৰ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ পিছত সতী ৰাধিকা নামঘৰত নাম-প্ৰসংগ আৰু গায়ন-বায়ন পৰিবেশন কৰা হয়।
বিয়লি অনুষ্ঠিত মুকলি সভাৰ পিছতে সমাজ জীৱনত অৰিহণা যোগোৱা কেইবাজনো গুণী-জ্ঞানী ব্যক্তিক সম্বৰ্ধনা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বিয়লি অনুষ্ঠিত মুকলি সভাত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম অনুসুচিত জাতি পৰিষদৰ সভাপতি ভবেন্দ্ৰ নাথ ভৰালী, বিধায়ক ৰূপক শৰ্মা, অসম সত্ৰ মহাসভাৰ মুখপাত্ৰ ড০ তাৰানাথ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ সোনালী বৰা হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম, সাংস্কৃতিক সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়া জীতেন কুমাৰ দাসকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।