/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/75726819-374d-4454-ba1b-26939daac53c/gfgff.jpg)
sashi tharoor
ডিজিটেল ডেস্ক : টী-২০ বিশ্বকাপকৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পাছতে সামজিক মাধ্যমত সমালোচনাৰ জোৱাৰ উঠিছে। প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ লোকে টীম ইণ্ডিয়াৰ এই নিৰ্লজ্জ আত্মসমৰ্পণক সহজভাৱে ল’ব পৰা নাই।
কংগ্ৰেছ সাংসদ শশী থাৰুৰে টীম ইণ্ডিয়াৰ এই পৰাজয়ক সহজ ভাৱে লোৱা নাই। তেওঁ টুইটাৰযোগে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, ভাৰতে ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাতো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈছে ভাৰতে জয়ৰ বাবে চেষ্টা নকৰাটো।
উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ বিপৰীতে ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ১৬ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ লগে লগে ইংলেণ্ড প্ৰৱেশ কৰে প্ৰতিযোগিতাৰ ফাইনেলত। প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ড আৰু পাকিস্তানৰ মাজত।
I don’t mind India losing: victory & defeat are part of sports. But I do mind India not showing up today. #T20WorldCup
— Shashi Tharoor (@ShashiTharoor) November 10, 2022
আৰু পঢ়ক : ধুলাৰ কিশোৰী হত্যাকাণ্ড! অৱশেষত গ্ৰেপ্তাৰ নিলম্বিত SP ৰাজমোহন ৰায়