ধুলাৰ কিশোৰী হত্যাকাণ্ড! অৱশেষত গ্ৰেপ্তাৰ নিলম্বিত SP ৰাজমোহন ৰায়

অৱশেষত গ্ৰেপ্তাৰ নিলম্বিত SP ৰাজমোহন ৰায়। আত্মসমৰ্পণৰ পিছতেই গ্রেপ্তাৰ ৰাজমোহন ৰায়ক। চিআইডিৰ কার্যালয়ত হাজিৰ হৈছিল নিলম্বিত SP ৰাজমোহন ৰায়।
dangor kotha
dangor kotha

ডিজিটেল ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ নিলম্বিত SP ৰাজমোহন ৰায়। আত্মসমৰ্পণৰ পিছতেই গ্রেপ্তাৰ ৰাজমোহন ৰায়ক। চিআইডিৰ কার্যালয়ত হাজিৰ হৈছিল নিলম্বিত SP ৰাজমোহন ৰায়।

চিআইডিয়ে বুধবাৰে তলৱ কৰিছিল ৰাজমোহন ৰায়ক। ধুলাৰ কিশোৰী হত্যাকাণ্ডৰে জড়িত আছিল ৰায়। হত্যাকাণ্ডৰ তথ্য গাপ দিয়াৰ অভিযোগ নিলম্বিত SP ৰাজমোহন ৰায়ৰ বিৰুদ্ধে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মঙলদৈৰ ধুলাত সংঘটিত হৈছিল এক জঘন্য কাণ্ড। এগৰাকী বি এছ এফ জোৱানৰ ঘৰত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। এই ঘটনাটো আৰক্ষীয়ে আত্মহত্যা বুলি কৈছিল।

কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত এক নতুন সত্য পোহৰলৈ আহিছিল। চিআইডিক দিছিল ঘটনাৰ তদন্তৰ নিৰ্দেশ। তদন্তৰ অন্তত পোহৰলৈ আহে ।যে কিশোৰী গৰাকীত যৌন নিৰ্যাতন চলোৱাৰ পাছত হত্যা কৰা হৈছিল।

আনহাতে চিকিৎসকে ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো দাখিল কৰিছিল। যাৰ বাবে গ্ৰেপ্তাৰ হৈছিল ৩ চিকিৎসক, ধূলা আৰক্ষী থানাৰ অচি আৰু দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in