লোকসভা নিৰ্বাচনঃ সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা আৰু লুৰীণজ্যোতিয়ে আজি দাখিল কৰিব মনোনয়ন...

লোকসভা নিৰ্বাচনঃ সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা আৰু লুৰীণজ্যোতিয়ে আজি দাখিল কৰিব মনোনয়ন...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলীয় কৰ্মী সমূহৰ মাজত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। আজিৰ দিনটোত অসমৰ কেইবাগৰাকীও হেভীৱেট প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিব।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আজি  বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিব। সৰ্বানন্দ সোণোৱালক সংগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে আজিৰ দিনটোতে ডিব্ৰুগড়ৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েও মনোনয়ন পত্ৰ দাখিল কৰিব। লুৰীণজ্যোতিক সংগ প্ৰদান কৰিব অখিল গগৈ, অজিত ভূঞাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ইফালে লখিমপুৰতো আজি শক্তি প্ৰৰ্দশনেৰে মনোনয়ন দাখিল কৰিব বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই। প্ৰদান বৰুৱাকো সংগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাইও দলীয় প্ৰাৰ্থীসকলক লৈ আজি মনোনয় দাখিল কৰিব। প্ৰদান বৰুৱাই ৰে'লী কৰি মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সেই কাৰ্যসূচী স্থগিত ৰাখিছে।

উল্লেখ কৰা প্ৰয়োজন যে, অহা বুধবাৰে মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈৰ লগতে কাজিৰঙাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়েও বুধবাৰে মনোনয়ন দাখিল কৰিব।

লোকসভা নিৰ্বাচনঃ সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা আৰু লুৰীণজ্যোতিয়ে আজি দাখিল কৰিব মনোনয়ন...
বান খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি চেঙাজানত গংগা নদী পূজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in