/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/177466fe-0ba3-4dcf-871b-fa87c56170a5/276a1904_927f_4b1f_9973_d97075d1c2a3.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চেঙাজান মাজৰবাৰীবাসী ৰাইজৰ সহযোগত আজি ব্ৰহ্মপুত্ৰৰ বানপানী,খহনীয়াৰ পৰিত্ৰাণ বিচাৰি চেঙাজান ফেৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত মা গংগা পূজাৰ আয়োজন কৰে। কালি পুৱাৰ ভাগতে পুৰোহিতে যথাৰীতি মাঙ্গলিক কাৰ্য্যসূচীৰে চেঙাজান ফেৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গংগা মন্দিৰত পূজা অনুষ্ঠিত কৰে।
পূজাস্থলীত বাথৌ ধৰ্মাৱলম্বী লোক সকলে বাথৌ পূজা অৰ্চনাৰে হাঁহ,পাৰ আগবঢ়ায়। ব্ৰহ্ম ধৰ্মীয় সকলে যজ্ঞ আহুতি, বাঙালী সকলে ৰাম নাৰায়ণ পূজা,সনাতন ধৰ্মীয় লোক সকলে হৰি নাম পৰিৱেশন কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে মা গংগাৰ আশীষ কামনা কৰে । ইয়াৰ পাছতে মা গংগাৰ নামত ক'লা ছাগলী,ক'লা ৰঙৰ কুকুৰা, বগা হাঁহ, বগা পাৰ চৰাই, ফলমূল,ধূপ ধূনা,বিভিন্ন নৈৰ্বদ্য আগবঢ়াই পূজা অৰ্চনা কৰে। তাৰপাছত কল পটুৱাৰ ভূৰত হাঁহ, পাৰসহ সকলো নৈৰ্বদ্য ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে মা গংগাৰ পৰা খহনীয়া পৰিত্ৰাণৰ আশীষ পাবৰ বাবে।
নেদেখা জনক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে অনুষ্ঠিত কৰা গংগা পূজা অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰী, কালু দাস,মলেন্দ্ৰ নাৰ্জাৰী,ক্ষীৰেশ্বৰ বৰা, পবিত্ৰ বসুমতাৰী,ইন্দ্ৰ বৰবৰুৱা, পবিত্ৰ বসুমতাৰী, ব্ৰিটিছ নমশূদ্ৰ,ভূমচা বসুমতাৰী, ধৰ্মেন্দ্ৰ দাস,প্ৰবীণ দৈমাৰী আদি বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ বহু ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য দুটা দৰ্শক ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহি বৃহত্তৰ চেঙাজান মাজৰবাৰী অঞ্চলত। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি দুটা দৰ্শকৰ ভিতৰতে চেঙাজান ফেৰীঘাট,১ নং চেঙাজান বগৰীগুৰী,২ নং চেঙাজান বগৰীগুৰী,হেলচী বড়ো,হাজং গাওঁ, কেডি গাওঁ, ১ নং বৰগাওঁ,২ নং বৰগাওঁ, বালিগাওঁ,যাত্ৰা বস্তি,বৰগাওঁ বড়ো,তিননলী, ঘটপট্টা,২ নং লক্ষ্মীপাৰ,মঙ্গলবৰীয়া বজাৰ,চেঙাজান বিহাৰী, লেম্প চাপৰি, ৬ নং বালিগাওঁ বাঙালীৰ চিন মোকাম নোহোৱা হ'ল। সেইদৰে চেঙাজান বালিগাওঁ প্ৰাথমিক বিদ্যালয়, চেঙাজান বালিগাওঁ অঙ্গনবাড়ী কেন্দ্ৰ, চেঙাজান বৰগাওঁ অঙ্গনবাড়ী কেন্দ্ৰ, চেঙাজান বৰগাওঁ প্ৰাথমিক বিদ্যালয়, চেঙাজান বগৰীবাৰী এম ই স্কুল,২ নং বগৰীবাৰী প্ৰাথমিক বিদ্যালয় কেইখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। বান খহনীয়া প্ৰতিৰোধী চৰকাৰী আঁচনিয়ে কাম কৰা নাই এই অঞ্চলত। সেয়েহে উপাই বিহীন নৈপৰীয়া ৰাইজে অদৃষ্টৰ শৰণাপন্ন হ'ব লগীয়া হৈছে।