কংগ্ৰেছে মাত্ৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু পুৰণ কৰা নাছিলঃ সৰ্বানন্দ সোণোৱাল

সভাত ধাৰাষাৰ বৰষুণকো নেওচি কুৰি সহস্ৰাধিক লোক উপস্থিত আছিল। সভাত বিজেপি কৰ্মী সকলে জাপে জাপে ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই মন্ত্ৰীগৰাকীক।

author-image
Asomiya Pratidin
New Update
ৰপপৰকককৰ

ডিজিটেল সংবাদ,চিলাপথাৰঃ  চিলাপথাৰ অঞ্চলৰ চিমেনমুখ গাঁও পঞ্চায়তৰ মজৰবাৰী বধুবৰীয়া বজাৰত বিজেপিৰ বিশাল সভা অনুষ্ঠিত হয়। জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে আঁতধৰা সভাত পুষ্প বৃষ্টিৰে ৰাইজে বিপুলভাৱে আদৰণী জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সভাত বিজেপি কৰ্মী সকলে জাপে জাপে ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই মন্ত্ৰীগৰাকীক।

Advertisment

বিশাল সভাখনত ভাষণ দাঙি ধৰি বিজেপি চৰকাৰৰ আমোলত ৰূপায়িত বিভিন্ন জনহিতকৰ আঁচনিবোৰ সন্দৰ্ভত বিস্তৃত বক্তব্য দাঙি ধৰে মন্ত্ৰী সোণোৱালে। তেওঁ কয় যে, সম্প্ৰতি দেশত বিজুলী,বিশুদ্ধ পানী, বিনামূলীয়া ঘৰ আদি আঁচনি নোপোৱা মানুহ কম। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সম্ভৱ হৈছে।  কংগ্ৰেছে মাত্ৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু পুৰণ কৰা নাছিল বুলিও মন্তব্য কৰি কেৱল উন্নয়নৰ বাবেই পঞ্চায়ত নিৰ্বাচনত বিজেপিক সমৰ্থন দিবলৈ শ্ৰী সোণোৱালে আহ্বান জনায়।

ভাষণ প্ৰসংগত স্থানীয় বিধায়ক ভূৱন পেগুৱে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি উৎখাত কৰাৰ আহ্বান জনাই কয়, কংগ্ৰেছক সমৰ্থন দিলে যিদৰে পাকিস্তানৰ পৰা আহি জম্মু কাশ্মীৰত হত্যালীলা চলাইছে তেনেদৰে বাংলাদেশৰ পৰা আহি উগ্ৰপন্থীয়ে অসমতো সন্ত্ৰাস চলাব। 

উল্লেখ্য যে, উক্ত সভাত ধাৰাষাৰ বৰষুণকো নেওচি কুৰি সহস্ৰাধিক লোক উপস্থিত আছিল। প্ৰচাৰ সভাখনত অংশ লয় ক্ৰমে- বিজেপি অসম প্ৰদেশৰ সম্পাদক বিকুল ডেকা, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান,জিলা পৰিষদৰ প্ৰাৰ্থী বন্তিবালা পেগু, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী শ্ৰীমতী মণি বিশ্বাস, শ্ৰী সোণাবাশী দাস,ববিতা চেত্ৰী আৰু দলীয় কাৰ্য-কৰ্তাসকল।

সৰ্বানন্দ সোণোৱাল