সন্তোষ ট্ৰফীঃ হস্তক্ষেপ অবিহনে গঠন কৰা হৈছে অসম দল...

সন্তোষ ট্ৰফীঃ হস্তক্ষেপ অবিহনে গঠন কৰা হৈছে অসম দল...
সন্তোষ ট্ৰফীঃ হস্তক্ষেপ অবিহনে গঠন কৰা হৈছে অসম দল...

ডিজিটেল সংবাদ চিৰাংঃ অহা ২৭ ডিচেম্বৰ, ২০২২ ত কোকৰাঝাৰত অনুষ্ঠিত হ'ব লগা ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰাকমুহূৰ্তত চিৰাঙৰ চাপাগুৰীস্থিত হোটেল হিমালয়ত অসম দলৰ পৰা সংবাদ মেলৰ আয়োজন কৰে।

সংবাদ মেলত অসম দলৰ মুখ্য প্ৰশিক্ষক বিক্ৰান্ত শৰ্মাই কয় যে 'এইবেলি অসম ফুটবল দলৰ বাচনি শিৱিৰত বাহিৰৰ পৰা কোনো ধৰনৰ হস্তক্ষেপ নোহোৱাকৈ কেৱল প্ৰতিভাসম্পন্ন খেলুৱৈৰ ওপৰত ভিত্তি অসমৰ দল বাচনি কৰা হৈছে। অধিনায়ক অৰূপ বৰুৱাৰ নেতৃত্বত বাচনি কৰা ২২ জনীয়া দলে এইবেলিৰ ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰিব বুলি অসমৰ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক বিক্ৰান্ত শৰ্মাই সংবাদ মেলত দাবী কৰে ।

এইবেলি অসমৰ ফুটবল দলৰ খেলুৱৈসকলৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা অসম ফুটবল সন্থাৰ আগবঢ়োৱা হৈছে বুলি সন্তুষ্টি প্ৰকাশ কৰে প্ৰশিক্ষক বিক্ৰান্ত শৰ্মাই। অসম দলৰ অধিনায়ক অৰূপ বৰুৱাই ইতিমধ্যেই বাচনি কৰা দলৰ প্ৰতিজন খেলুৱৈক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ঘৰুৱা দৰ্শকৰ উপস্থিতিত সৰ্বস্ব উজাৰি অসমৰ খেলিব বুলি মত প্ৰকাশ কৰে ।

আজিৰ সংবাদ মেলত দলৰ মেনেজাৰ তথা অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ দেবনাথ, দলৰ মুখ্য প্ৰশিক্ষক বিক্ৰান্ত শৰ্মা, সহকাৰী প্ৰশিক্ষক ক্ৰমে লোচন শইকীয়া, দৈমালু বসুমতাৰী, দলীয় চিকিৎসক ডাঃ আশীষ বসুমতাৰী, অধিনায়ক অৰূপ বৰুৱা আৰু সহকাৰী অধিনায়ক দিদৌম হাজোৱাৰী উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in