/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/dibrugarh.jpg)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক বহিষ্কাৰ...
ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। এই ৰেগিং কাণ্ডৰ সৈতে জড়িত প্ৰতিজন শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী এতিয়াও উত্থাপন হৈ আছে।
তাৰ মাজতে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক হোষ্টেলৰ পৰা বিহষ্কাৰ কৰা হৈছে। উজ্জ্বল অংকুৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ ৰেগিং বিৰোধী সমিতিয়ে।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আবাসী আছিল উজ্জ্বল অংকুৰ বৰা। এই হোষ্টেলতেই আনন্দ শৰ্মা নামৰ ছাত্ৰজন বলি হৈছিল ৰেগিঙৰ।
ৰেগিং বিৰোধী সমিতিয়ে উজ্জ্বল অংকুৰ বৰাক ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ।
ক্লিক কৰি পঢ়কঃ কমিচনৰ অংক ! স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনা...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us