সন্তোষ ব্ৰহ্ম ক্ৰিকেট লীগঃ বিজনী যুৱক সংঘ চেম্পিয়ন...

সন্তোষ ব্ৰহ্ম ক্ৰিকেট লীগঃ বিজনী যুৱক সংঘ চেম্পিয়ন...
সন্তোষ ব্ৰহ্ম ক্ৰিকেট লীগঃ বিজনী যুৱক সংঘ চেম্পিয়ন...

ডিজিটেল সংবাদ চিৰাংঃ বিজনী যুৱক সংঘই চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত তথা বঙাইগাঁও শোধনাগাৰৰ সহযোগত চলা দ্বিতীয় সন্তোষ ব্ৰহ্ম সোঁৱৰণী ক্ৰিকেট লীগত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। হাতীপোতা খেলপথাৰত আজি অনুষ্ঠিত চূড়ান্ত খেলখনত যুৱক সংঘই ঢালিগাঁৱৰ খৌৰামদাও (ব্লু) ক্লাবক ৫ ৰানত পৰাজিত কৰে।

প্ৰথমে বেটিং কৰি যুৱক সংঘই ২৫ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে খৌৰামদাও ক্লাবে ৫ উইকেট হেৰুৱাই ১৭২ ৰানত ক্ষান্ত থাকে । যুৱক সংঘৰ ৰোহন ৰায় আজিৰ খেলৰ মেন অৱ দ্যা মেচ তথা শ্ৰেষ্ঠ বেটাৰ, বিশ্বজিৎ দাস মেন অৱ দ্যা টুৰ্ণামেণ্ট তথা শ্ৰেষ্ঠ বলাৰ, গৌৰৱ শীল শৰ্মা শ্ৰেষ্ঠ যুৱ খেলুৱৈ, খাৰামদাওৰ কৈলাশ আৰ্য শ্ৰেষ্ঠ ফিল্ডাৰ, বিবেক মণ্ডল শ্ৰেষ্ঠ কেটছাৰ আৰু মংলা গাঁৱৰ মহাৰাজা জয় কিষাণ ক্লাবে ফেয়াৰ প্লে' ট্ৰফী লাভ কৰে।

বঁটা বিতৰণি অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি ভি ৰেড্ডী, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, বি জি আৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ মুৰব্বী এন কে বৰুৱা, উপ-মহাপ্ৰৱন্ধক (চি এছ আৰ) মুসুকা বড়ো উপস্থিত থাকে। চেম্পিয়ন দলক ট্ৰফীসহ নগদ ১৫ হাজাৰ আৰু ৰাণাৰ্ছ আপ দলক ট্ৰফীসহ নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in