/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/74205ae5-4fd3-49ab-b74e-ba119acb8064/hatsingimari_09.jpg)
'একাংশ প'ৰ্টেলৰ বাবেই সাংবাদিকতাৰ মৰ্যাদা হ্ৰাস পাইছে'
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ বিগত ২৭ বছৰ পূৰ্বে হাটশিঙিমাৰীত গঠন হোৱা হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আজি দিনজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হয়।
উল্লেখযোগ্য যে, ১৯৯৩ চনত দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা গঠন হোৱাৰ পাছত ১৯৯২ চনত মহকুমাৰ সদৰ হাটশিঙিমাৰীত তেতিয়াৰ জ্যেষ্ঠ সাংবাদিক ছৈয়দ বাতেন চৌধুৰী আৰু ছামছুদ্দিন আহমেদৰ নেতৃত্বত ২/৩ জন সাংবাদিকে দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা সাংবাদিক সন্থাৰ জন্ম দিয়ে। পৰৱৰ্তী সময়ত সন্থাৰ ফালৰ পৰা ১৯৯৬ চনত হাটশিঙিমাৰী প্ৰেছ ক্লাৱ গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/74445597-f7ec-48cf-9b86-9c6f4cfc43e6/e691ad3e_2274_4a0c_8735_939f6e11cae4.jpg)
হাটশিঙিমাৰী প্ৰেছ ক্লাৱ গঠনৰ ২৫ বছৰ পাছত ৰূপালী জয়ন্তী উদযাপন কৰাৰ কথা আছিল যদিও কোভিড পৰিস্থিতিৰ বাবে ২ বছৰ পাছত ২৭ বছৰৰ মূৰত ৰূপালী জয়ন্তী উদযাপন কৰা হয়। ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপন উপলক্ষে আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰা হয়।
ৰূপালী জয়ন্তী অনুষ্ঠানৰ মূল পতাকাখন ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জিলাখনৰ জ্যেষ্ঠ সাংবাদিক সেখ বদৰুজ্জামান ফিৰদৌছী উত্তোলন কৰাৰ লগতে আন ২৫ টা পতাকা ক্লাৱৰ সাংবাদিকসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে। একেদৰে পুৱা ৯.১৫ বজাত শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cc34792e-9766-499c-934c-42c992eca92d/ed57c00f_4d4b_4ba7_9cf3_9de6da8157dc.jpg)
হাটশিঙিমাৰী মহকুমা জন সংযোগ বিষয়া বিভাস মেধীয়ে শ্বহীদ তৰ্পন কৰে। ইয়াৰ পাছত পুৱা ৯.৩০ বজাত হাটশিঙিমাৰী প্ৰেছ ক্লাৱ চৌহদ আৰু হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বৃক্ষ ৰোপণ কৰা হয়।
পুৱা ১০ বজাত প্ৰেছ ক্লাৱত জিলাখনৰ সাংবাদিকসকলৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই প্ৰতিনিধি সভাৰ জৰিয়তে প্ৰেছ ক্লাৱৰ পূৰ্বৰ কমিটি ভাঙি দি ডিৱাই ৩৫৬ ৰ মানকাচৰৰ সাংবাদিক সুজিত কুমাৰ বেজবৰুৱাক সভাপতি আৰু নিউজ লাইভৰ হাটশিঙিমাৰীৰ সাংবাদিক ছফিকুল ইছলাম সম্পাদক হিচাপে লৈ নতুনকৈ কমিটি গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e5911d82-ec47-463f-992f-2487b072d6a3/6fa9ce1a_3753_4d1d_93a1_fdd6038ee6f5.jpg)
আনহাতে পুৱা ১০.৩০ বজাৰ পৰা জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আবেলি ২ বজাত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভা অনুষ্ঠিত হয়।
এই মুকলি অনুষ্ঠানত প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু প্ৰাক্তন বিধায়ক তথা অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ জাবেদ ইছলাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2bacd373-a13a-43dc-a24a-19705d627eba/f8f44a11_e23f_4a97_acf7_78fdc227fb4d.jpg)
প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক সেখ বদৰুজ্জামান ফিৰদৌছীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জিলাখনৰ প্ৰাক্তন তথা জ্যেষ্ঠ সাংবাদিকসকলক বিশেষ ভাবে মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বৰ্তমান কৰ্তব্যৰত সাংবাদিকসকলকো শুভেচ্ছা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা গৌৰীপুৰ পিবি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ আখতাৰুল ইছলাম সাংবাদিকতাৰ নীতি আদৰ্শৰ ওপৰত বক্তব্য প্ৰদান কৰে।
একদৰে বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলামও এই মুকলি সভাত ভাষণ প্ৰদান কৰি জিলাখনৰ বিভিন্ন সমস্যৰাজিৰ বিষয়ে দাঙি ধৰি মুখ্য অতিথি মৃণাল তালুকদাৰক জিলাখনৰ সমস্যাসমূহ টেলিভিশ্বনৰ পৰ্দাত তুলি ধৰিবলৈ আহ্বান জনায়। মুকলি সভাৰ মুখ্য অতিথি তালুকদাৰে নিজৰ ভাষণৰ যোগেদি সাংবাদিক আৰু সাংবাদিকতাৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1a08e766-96db-4e50-8cab-d6df918c651a/5f417f8d_40a8_4638_a15e_34a03bf0c092.jpg)
তেওঁ কয়, শিক্ষা আৰু অধ্যয়নত জড়িত থকা ব্যক্তিয়েহে সাংবাদিকতা কৰিব লাগে। বিশেষকৈ একাংশ প'ৰ্টেলৰ সাংবাদিকে কোনো নীতি নিয়ম নমনাকৈ বাতৰি পৰিবেশন কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি সদৰি কৰি কয় যে, চৰকাৰে প'ৰ্টেলৰ সাংবাদিকৰ ওপৰত আইন আনিব বিচাৰি আছে।
এই আইন শীঘ্ৰে আনিব লাগে বুলিও তেও মত প্ৰকাশ কৰে। কাৰণ এনে সাংবাদিকৰ বাবে সংবাদ সেৱাৰ মান মৰ্যাদা ক্ৰমাত হ্ৰাস পাই অহা বুলি তেওঁ দাবী কৰে। আনহাতে এজন ভাল সাংবাদিক হ'বলৈ সাংবাদিকতাৰ পাঠ্যক্ৰম কৰাটো অতি প্ৰয়োজন বুলি তেওঁ প্ৰকাশ কৰি কয় যে, যি জন সাংবাদিকে নূন্যতম শিক্ষা নোলোৱাকৈ সাংবাদিকতা কৰি আছে তেওঁ নিজৰ সময় নষ্ট কৰাৰ বাহিৰে একো কৰা নাই। গতিকে এনে সাংবাদিকক আজিয়েই সাংবাদিকতা এৰি অন্য কামত জড়িত হ'বলৈও তেওঁ আহ্বান জনায়।
ক্লিক কৰি পঢ়কঃ খাবলৈ নাপায় মৰিছে মানুহ আৰু এচামৰ দায়িত্বহীনতাৰ বাবে গুদামতেই পচিছে ৩০০ কুইণ্টল চাউল