শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ছান্তা ভট্যাচাৰ্যীৰ মৃত্যু...

শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ছান্তা ভট্যাচাৰ্যীৰ মৃত্যু
শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ছান্তা ভট্যাচাৰ্যীৰ মৃত্যু

ডিজিটেল সংবাদ ধুবুৰীঃ আজি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নিৱাসী শিক্ষয়িত্ৰী আৰু ধৰ্মপ্ৰাণা মহিলা ছান্তা ভট্যাচাৰ্যীৰ নিজ বাসভৱনত হৃদৰোগত আক্ৰান্তহৈ মৃত্যু হয়। তেঁও জিলাখনৰ পানৰাৰীস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে বিলাসীপাৰাৰ অতিকৈ পুৰণি কে এম লিটিল ফ্লাৱাৰ স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী আছিল।

মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৬৮ বছৰ। অমায়িক, নম্ৰ আৰু অতিথিপৰায়ণ মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। সকলো কামতে আগৰণুৱা উদাৰ মনৰ মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান,ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।মৃত্যৰ সময়ত তেঁও স্বামী চৰকাৰী জ্যেষ্ঠ অধিবক্তা তপন ভট্যাচাৰ্যী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in