/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/73af2026-5709-4cbc-a02a-b14581383d9a/koliabor_26.jpg)
কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীঃ "ৰাম বিজয়" ভাওনা প্ৰদৰ্শন
ডিজিটেল সংবাদ কলিয়াবৰ : 'শিশুৰ মাজত আত্মবিশ্বাস গঢ়ি তুলিবলৈ প্ৰচেষ্টা কৰা উচিত। শিশু হৈছে সম্ভাৱনাৰ আকৰ। প্ৰত্যেক শিশুৰ মাজত লুকাই থাকে প্ৰচণ্ড দৈব্য শক্তি ৷'- শনিবাৰে কলিয়াবৰ প্ৰেছ ক্লাব প্ৰাঙ্গন আৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠানৰ প্ৰথম দিনা কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সহযোগত অনুষ্ঠিত সাংবাদিক গকুল বৰা সোঁৱৰণী শিশু সমাৰোহ বিশিষ্ট শিশু সাহিত্যিক হৃষীকেশ গোস্বামীয়ে উদ্বোধন কৰি এইদৰে বক্তব্য আগবঢ়াই।
তেওঁ অভিভাৱকক উদ্দেশ্য কৰি কয় যে, শিক্ষা লাগে কিন্তু নম্বৰৰ পিছত সন্তানক দৌৰাব নালাগে। শিক্ষা আৰু প্ৰতিভা দুয়োটাই বেলেগ বিষয়। পিতৃ-মাতৃয়ে সন্তানৰ মাজত লুকাই থকা প্ৰতিভা খান্দি উলিয়াই সঠিক দিশত আগুৱাই নিবলৈ প্ৰচেষ্টা কৰিব লাগে।
এই ক্ষেত্ৰত মাতৃৰ দায়িত্ব সৰ্বাধিক। মাক হৈছে ভগৱানৰ এক অন্য ৰূপ বুলিও মন্তব্য কৰে। উল্লেখ্য যে, কলিয়াবৰ প্ৰেছ ক্লাবে ইতিমধ্যে গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰিছে। এই উপলক্ষে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এলানি বৰ্ষজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
ৰূপালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠান উপলক্ষে আজি পুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তই মুখ্য উত্তোলক ৰূপে অনুষ্ঠানৰ শুভাৰম্ভ কৰে আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ শংকৰ গোস্বামীয়ে স্মৃতি তৰ্পণ কৰে। পুৱা কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সহযোগত অনুষ্ঠিত সাংবাদিক গকুল বৰা সোঁৱৰণী শিশু সমাৰোহ বিশিষ্ট শিশু সাহিত্যিক হৃষীকেশ গোস্বামীয়ে উদ্বোধন কৰে আৰু অনুষ্ঠানত শিশু বন্ধু দুলাল বৰা আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে।
দুপৰীয়াৰ পৰা সদৌ অসম মফছলীয়া সাংবাদিক সন্মিলন উদ্বোধন কৰি জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই মফছলীয়া সাংবাদিকসকলৰ সমস্যা, কৰ্তব্য নিষ্ঠা আলোকপাত কৰে। তেওঁ মফছলীয়া সাংবাদিকসকল প্ৰাপ্যৰ পৰা প্ৰায় বঞ্চিত হৈ থাকে আৰু চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলিও মন্তব্য কৰে।
উক্ত অনুষ্ঠানত বিশিষ্ট লেখক- সমাজকৰ্মী, কবি- সাংবাদিক দেৱজিৎ তালুকদাৰ, সাংবাদিকদ্বয় ৰণিতা শইকীয়া আৰু দিব্য বৰদলৈ আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতেই প্ৰয়াত জ্যেষ্ঠ সাংবাদিক ক্ষিতীশ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰে বক্তৃতা প্ৰদান কৰি বিশিষ্ট সাংবাদিক গৰাকীৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি নৃপেন কেওঁট আৰু সম্পাদক সিদ্ধাৰ্থ শংকৰ গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাজিৰঙা প্ৰেছ ক্লাবৰ ৰঞ্জিত ৰজক, ধ্ৰুৱজ্যোতি সাহা, নীল পদ্ম শৰ্মা, সাংবাদিক খালিফ আহমেদ, আজাহাৰউদ্দিন, কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন বিষয়ববীয়া দামোদৰ শইকীয়া, ডিম্বেশ্বৰ হাজৰিকা, নয়ন জ্যোতি শইকীয়াৰ লগতে খোকন পাল, গৌতম বৰা, কলিয়াবৰ প্ৰেছ ক্লাবৰ শুভাকাংক্ষী নবীন বৰঠাকুৰকে প্ৰমুখ্য কৰি কলিয়াবৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
উপস্থিত সংবাদ কৰ্মী সকলে কবিতা- গীত, সংবাদ ক্ষেত্ৰৰ বিভিন্ন ৰসাল অভিজ্ঞতা ব্যক্ত কৰে। সন্ধিয়া বিশিষ্ট সমাজকৰ্মী- সাংবাদিক মহেন্দ্ৰ মহন্ত সোঁৱৰণত কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যবৃন্দৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা "ৰাম বিজয়" অংকীয়া ভাওনা প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/eb6e9dfd-4a19-4fd6-a9be-7f4a92a9f9d3/c7e3c459_a598_433c_ab1d_26d890861add.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/aa340f2d-1798-46d4-a6b3-dde39c2ffa5a/cdecbc74_dfdf_4225_98e3_5cabd9457b8b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f9a01680-d341-4301-a0e7-de7151555a30/50fa3dbe_2685_4416_aa00_e71df2fda624.jpg)
ক্লিক কৰি পঢ়কঃ আনুষ্ঠানিক শিক্ষা অবিহনে সাহিত্য চৰ্চাৰে চমকঃ লিখি উলিয়ালে সপ্তমখন উপন্যাস...