আধুনিক গুৰুকুলৰ ৰূপত জ্ঞানৰ আলোকেৰে আলোকিত শংকৰদেৱ শিক্ষা নিকেটন, গহপুৰ...

আধুনিক গুৰুকুলৰ ৰূপত জ্ঞানৰ আলোকেৰে আলোকিত শংকৰদেৱ শিক্ষা নিকেটন, গহপুৰ...
আধুনিক গুৰুকুলৰ ৰূপত জ্ঞানৰ আলোকেৰে আলোকিত শংকৰদেৱ শিক্ষা নিকেটন, গহপুৰ...

ডিজিটেল সংবাদ তেজপুৰঃ শিক্ষা আৰু জ্ঞানৰ জ্যোতিৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন জিলিকাই তোলাৰ সংকল্পৰে শিক্ষানুৰাগী আৰু সমাজহিতৈষী ব্যক্তিৰ সুপ্ৰচেষ্টাত সত্ৰৰ পৰিবেশত গঢ় লৈ উঠা গহপুৰৰ শঙ্কৰদেৱ শিক্ষা নিকেটনখনে স্থাপনৰ মাত্ৰ দুবছৰৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইমানেই নহয় বিদ্যালয়খনৰ ৫৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ তেজপুৰৰ পৰা অসম চৰকাৰৰ ড°বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত আজি একেলগে ৫৭ খন স্কুুটী গ্ৰহণ কৰি এক ৰেলীৰে সগৌৰৱেৰে গহপুৰলৈ যাত্ৰা কৰে।

উল্লেখ্য যে আধ্যাত্মিক চিন্তা, সুশৃংখলিত পৰিবেশ আৰু আধুনিক শিক্ষাৰ মাজত গহপুৰ সোলেঙিৰ গোবিন্দ এলেঙি সত্ৰৰ চৌহদতে শিক্ষানুৰাগী উদয় আদিত্য গোশ্বামীৰ মানৱ সম্পদ গঢ়াৰ একানপটীয়া চেষ্টাৰ ফলশ্ৰুতিত ২০২০ বৰ্ষৰ ১৩ মাৰ্চত শঙ্কৰদেৱ শিক্ষা নিকটন নামেৰে এখন আবাসিক বিদ্যালয়ৰ স্থাপন হৈছিল। এইক্ষেত্ৰত বিদ্যালয়খনৰ পৰা স্থাপনৰ মাত্ৰ দুই বছৰৰ পিছতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে কলা আৰু বিজ্ঞান শাখাৰ পৰা সৰ্বমুঠ ৭২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অৱৰ্ত্তীন হয় ।

সেই অনুসৰি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল মতে বিদ্যালয়খনৰ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশই সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় । আনহাতে এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৭ গৰাকীয়ে অসম চৰকাৰৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ যোগেদি স্কুুটী লাভ কৰে।

এইক্ষেত্ৰত মেধা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে স্কুুটীসমূহ গ্ৰহণ কৰাৰ বাবে তেজপুৰ চহৰৰ সমীপৰ ডেকাৰ গাঁৱৰ ৰুদ্ৰ মৰ্টৰছ তথা ৰুদ্ৰ হিৰ'ত আজি দিনৰ ১১ বজাত এক বিশেষ অনুষ্ঠানৰ আয়োজিত হয়। শঙ্কৰদেৱ শিক্ষা নিকেটন গহপুৰৰ পৰিচালন সঞ্চালক উদয় আদিত্য গোশ্বামী,অধ্যক্ষ জয়ন্ত শইকীয়া আৰু আন বহু বিশিষ্ট ব্যক্তি, শিক্ষাবিদৰ উপস্থিতিত ৫৭ গৰাকীয়ে ৰঙা আৰু নীলা ৰঙৰ স্কুটী গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে ।

ইয়াৰ পিছতে অভিভাৱকৰ সৈতে নিজৰ নিজৰ স্কুটী লৈ ছাত্ৰ-ছাত্ৰীসকল এক দীঘলীয়া ৰেলীৰে গহপুৰ অভিমুখে ৰাওনা হয়। শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ এই স্কুটী ৰে'লীৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি কয় যে, বিদ্যালয়খনে স্থাপনৰ দুবছৰৰ পিছতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে লাভ কৰা এয়া এক অনন্য কৃতিত্ব ।

উল্লেখ্য যে, আৰম্ভণিৰ পৰাই আবাসিক বিদ্যালয়খনৰ পৰিচালন সঞ্চালক উদয় আদিত্য গোস্বামীয়ে আধ্মাত্মিক আৰু আধুনিক শিক্ষাৰ লগতে যোগ,খেলা-ধূলাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে গুৰুত্বপূৰ্ন পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি প্ৰথম অৱস্থাত কলা আৰু বিজ্ঞান শাখাৰে আৰম্ভ কৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ ,কম্পিউটাৰ লেৱ আৰু আন সকলো ধৰনৰ ব্যৱস্থা কৰিছিল।

ইফালে নিকেটনখনক এখন আধুনিক গুৰুকুলৰ ৰূপত গঢ়ি তোলাৰ বাবে যথেষ্ঠ কষ্ট কৰি অহা গোস্বামীয়ে নিকেটনৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবে শেহতীয়াকৈ কলকতালৈ নিছিল । এইক্ষেত্ৰত তেজপুৰৰ ৰুদ্ৰ হিৰ'ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শঙ্কৰদেৱ শিক্ষা নিকেটন গহপুৰৰ পৰিচালন সঞ্চালক শিক্ষানুৰগী ব্যক্তি উদয় গোস্বামীয়ে কয় যে, যুৱ উশৃংখলতাৰ বাবে অকল আজিৰ প্ৰজন্মকে জগৰীয়া কৰিলেই নহ'ব আমাৰো যথেষ্ঠ কৰণিয় আছে ।

আমি যদি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিবা এটা ভাল কাম কৰিব পাৰো, তেতিয়াহে তেওঁলোকে আমাক এখন ভাল সুস্থ সমাজ দিব পাৰিব । পুৱা বৰগীত আৰু যোগ শিক্ষাৰে দিনটো আৰম্ভ হোৱা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক মোবাইলৰ ব্যৱহাৰৰ পৰা আঁতৰাই লেপটপ, কম্পিউটাৰ আদি দিয়া হয় ।

জানিব পৰা মতে উত্তৰ অসমৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত এক অনন্য কৃতিত্ব অৰ্জন কৰি জিলিকি উঠা নিকেটনখনত বৰ্তমানসময়ত বিজ্ঞান শাখাত ১০৮ গৰাকী, কলা শাখাত ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। ইফালে গহপুৰৰ এই নিকেটনখনত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকেও পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in