/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/895b589a-1510-41bd-9c9b-15a28bc5a928/4.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ শনিবাৰে সামৰণি পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত উজ্বলিল অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰৰ মোহনীয় যাদুকৰী বস্ত্ৰ ৷ দেখিলে গৌৰৱবোধ হোৱা এক দৃশ্য ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দুগৰাকীকৈ ছুপাৰ মডেলে ৰেড কাৰ্পেটত খোজ দিছে অসমীয়া ডিজাইনাৰৰ পোচাক পিন্ধি । লগত অসমীয়া ফেশ্বন ডিজাইনাৰ গৰাকী ৷ কিছু সময়ৰ বাবে কেবাগৰাকী বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ-ভিডিঅ’গ্ৰাফাৰৰ কেমেৰাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল দুই ছুপাৰ মডেলৰ সেই পোচাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dbdbb6c4-f6ba-4c3b-bb31-2354d39ef8ca/45c1a1ee-dd16-4a7d-b376-aba0c965a97d.jpg)
বিশ্বৰ ফেশ্বন জগতৰ বিশাল প্ৰতিযোগিতাৰ মাজত প্ৰতিভাৰে ইতিমধ্যে নিজা পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী অসমীয়া উদ্যোগী নাৰী সংযুক্তা দত্ত ৷ সংযুক্তা দত্তৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰি কাঁৰ ৰেড কাৰ্পেটত লহৰ তুলিলে দুগৰাকীকৈ বিশ্বৰ আগশাৰীৰ ছুপাৰ মডেলে।
ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰা অসমী আইৰ সুযোগ্য কন্যা সংযুক্তা দত্তৰ ডিজাইন পৰিধান কৰি কাঁ ফেষ্টিভেলৰ ৰঙা দলিচাত খোজ দিলে দুই ছুপাৰ মডেল মিৰ্কা অক্টাভিয়া হেণ্ড্ৰ' আৰু ভেলেৰিয়া হ্জেৰটেনাছে। লগতে প্ৰখ্যাত মডেল দুগৰাকীৰ সৈতে অসমীয়াৰ পৰম্পৰাগত মেখেলা-চাদৰ পৰিহিত ৰূপত ৰেড কাৰ্পেটত দেখা গ’ল ডিজাইনাৰ সংযুক্তা দত্তকো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a401b099-b2be-4133-b6c6-734025101357/f1926af8-5fad-4240-8394-41cf332ff3cb.jpg)
অৱশ্যে কাঁৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ ডিজাইনৰ এয়া প্ৰথম প্ৰদৰ্শন নহয়। ইয়াৰ পূৰ্বেও কাঁ ফেষ্টিভেলৰ ৰঙা দলিচাত কেইবাগৰাকীও প্ৰখ্যাত অভিনেত্ৰী আৰু মডেলে পৰিধান কৰিছে দত্তই ডিজাইন কৰা পাট-মুগা ৰেচমৰ দ্বাৰা প্ৰস্তুত সমসাময়িক ধুনৰ পোচাক । পূৰ্বেও বৈচিত্ৰময় ভাৰতীয় সাংস্কৃতিক মটিফৰ সৈতে পৰম্পৰাগত অসমীয়া ৰেচমৰ মিশ্ৰণেৰে তেওঁৰ সুকীয়া সৃষ্টিসমূহ উপস্থাপন কৰিছিল।
উল্লেখযোগ্য যে অভিযন্তাৰ বৃত্তি ত্যাগ কৰি ফেশ্বনৰ জগতত মনোনিৱেশ কৰি সফলতা লভা সংযুক্তা দত্তৰ বিশেষকৈ অসমৰ পাট-মুগা ৰেচমৰ ডিজাইনসমূহ মিলান, পেৰিছ, নিউয়ৰ্ক ফেশ্বন উইককে ধৰি বিশ্বৰ সন্মানীয় ফেশ্বন ইভেণ্টত প্ৰদৰ্শিত হৈ উচ্চ প্ৰশংসিত হৈছে। ইয়াৰ উপৰিও তেওঁ লেকমে ফেশ্বন উইকত নিয়মীয়াকৈ নিজৰ ফেশ্বনৰ সমাহাৰেৰে অংশগ্ৰহণ কৰি সফলতা লাভ কৰিছে ৷
সংযুক্তাৰ দ্বাৰা প্ৰস্তুত পোচাক পৰিধান কৰি বলীউডৰ চেলিব্ৰেটিসকলে প্ৰায়ে শ্ব’ষ্টপাৰ হিচাপেও ৰেম্পত খোজ দিছে। ইয়াৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা, মালাইকা অৰ’ৰা, সোণাক্ষী সিনহা, ৰবীনা টেণ্ডন, নীনা গুপ্তা, নোৰা ফাতেহী, ভূমি পেডনেকাৰ, হুমা কুৰেশী, পূজা হেগড়ে, নুশ্ৰত্ত ভৰুচ্চা, মনীষা কৈৰালা, মৃণাল ঠাকুৰ, ৰাইমা সেন, আৰু শমিতা শ্বেট্টীৰ দৰে বলীউডৰ তাৰকাৰ ষ্টাইলৰ পোছাকো প্ৰস্তুত কৰিছে অসম কন্যা সংযুক্তাই।
এইবাৰৰ কাঁৰ ৰেড কাৰ্পেটত বিশ্বৰ আগশাৰীৰ দুগৰাকীকৈ ছুপাৰ মডেলে তেওঁৰ সাজ পৰিধান কৰাৰ লগতে নিজেও অসমীয়া মেখেলা-চাদৰ পিন্ধি ফেষ্টিভেলৰ ফেশ্বন পৰম্পৰাৰ অংশীদাৰ হ’বলৈ পাই সুখী সংযুক্তা দত্ত ৷
নিজৰ ফেশ্বন ডিজাইনাৰৰ কেৰিয়াৰ এয়া এক অনন্য অভিজ্ঞতা বুলি ব্যক্ত কৰে অসমৰ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে। তেওঁৰ এইবাৰৰ ৰেড কাৰ্পেটৰ পৰম্পৰাৰ বাবে প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰৰ বিষয়ে কওঁতে সংযুক্তা দত্তই কয়, “এই সংকলনৰ প্ৰস্তুত কৰোতে মোৰ দৃষ্টিভংগী আছিল ভাৰতীয় ঐতিহ্যৰ চহকী টেপেষ্ট্ৰীক (বোৱা কাপোৰত কৰা ছবি আদিৰ কাম) বিশ্বৰ প্ৰতিযোগিতাৰ ফেশ্বনৰ সমসাময়িক আড়ম্বৰৰ সৈতে মিলাই প্ৰস্তুত কৰাটো । পৰম্পৰাগতভাৱে হাতেৰে বোৱা কাপোৰ, কষ্টকৰ জটিল এম্ব্ৰয়ডাৰী আৰু সাহসী, আধুনিক বস্ত্ৰ চয়ন শৈলীৰ সমাহাৰৰ এক সুন্দৰ সংমিশ্ৰণ দিয়াৰ মই চেষ্টা কৰিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/714a4928-cdc5-491d-ae08-5b89eba04673/0d2cd35f-3dfb-4081-8712-1940e1be2f8b.jpg)
প্ৰস্তুত কৰা কাপোৰৰ প্ৰতিটো অংশই যাতে এটা কাহিনী কয়, ভাৰতৰ সজীৱ সংস্কৃতি আৰু কাৰুকাৰ্য্যক প্ৰতিফলিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাময় ফেশ্বনৰ সৈতে ফেৰ মাৰিব পাৰে তাৰ প্ৰতি মই দৃষ্টি ৰাখি পোচাক কেইযোৰ প্ৰস্তুত কৰিছিলো। মোৰ ডিজাইনে তাত উপস্থিত ফেশ্বন জগতৰ লোক সকলৰ লগতে আন সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাত মই সুখী ৷ ”
তেওঁ লগতে কয় যে, “ৰেড কাৰ্পেটৰ বাবে আন্তঃৰাষ্ট্ৰীয় মডেলে আমি ডিজাইন কৰা সাজ-পোছাক পিন্ধিলে অধিক আগুৱাই যোৱাৰ আশাবোৰ বৃদ্ধি পায়। মোৰ ডিজাইন তেওঁলোকে পৰিধান কৰাটো কেৱল ফেশ্বনৰে কথা নহয়; ই এটা আমাৰ বাবে আশাৰ বতৰা। কাঁৰ ৰেড কাৰ্পেটৰ উপযোগীকৈ কাপোৰৰ বাছনিৰ পৰা আৰম্ভ কৰি চূড়ান্ত সজ্জালৈকে প্ৰতিটো সবিশেষ নিখুঁতভাৱে তৈয়াৰ কৰাটোও এক বিচিত্ৰ অভিজ্ঞতা। কাৰণ সফল হ’লেহে খোল খাই গৈ থাকিব মোৰ পৰৱৰ্তী সময়ৰ কাঁ আৰু বিশ্বৰ বিশাল ফেশ্বন জগতৰ দুৱাৰবোৰ ৷ এতিয়াও অনুভৱ কৰো এয়া যাত্ৰাপথৰ এটা অংশহে, আৰু বহু দূৰ যাবলগীয়া আছে, Miles to go...
Also Read: কঠীয়াতলীত বোৱাৰী নিৰুদ্দেশঃ মাতৃক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই