কঠীয়াতলীত বোৱাৰী নিৰুদ্দেশঃ মাতৃক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই

কঠীয়াতলীত বোৱাৰী নিৰুদ্দেশঃ মাতৃক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত বোৱাৰী নিৰুদ্দেশঃ মাতৃক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই

ডিজিটেল সংবাদ,কঠীয়াতলীঃ সোমবাৰৰ পৰা সন্ধানহীন নগাঁও জিলাৰ কঠীয়াতলীৰ অন্তৰ্গত বৰহোলাৰ জ্যোস্না দাস নামৰ এগৰাকী বোৱাৰী। কঠীয়াতলী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ যাও বুলি ৫ মহীয়া কন্যাক কোলাত লৈ ওলাই গৈছিল বোৱাৰী গৰাকী।

Advertisment

পৰিয়ালৰ লোকে বহু ঠাইত খবৰ লৈও বোৱাৰী গৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। বৰ্তমান আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো। মহিলাগৰাকীৰ আছে এটি কণমানি পুত্ৰ সন্তান। মাকক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই।

যদি কোনো সদাশয় লোকে মহিলা গৰাকীৰ সম্ভেদ লাভ কৰে স্থানীয় আৰক্ষী থানা নাইবা 6001997783 নম্বৰত যোগাযোগ কৰিবলৈ স্বামীয়ে আহ্বান জনায়।

Also Read: উৎকট গৰমঃ মানকাচৰত অতিৰিক্ত বিদ্যুৎ বিলে জ্বলা-কলা খোৱাইছে গ্ৰাহকক

Kathiyatoli woman missing